সৰভোগ, 15 মেঃ এফালে যদি হাঁহি আনফালে কান্দোন ৷ বৃহস্পতিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাচতেই বাক্সাত সংঘটিত হয় এক কৰুণ ঘটনা ৷ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি নিজ গৃহতেই চিপজৰী ল'লে এগৰাকী ছাত্ৰীয়ে ৷
উল্লেখ্য যে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে ছাত্ৰীগৰাকীক ৷ বৰপেটাৰোডৰ নিকটৱৰ্তী জাখলিৰপাৰস্থিত নৰনাৰায়ণ একাডেমীৰ ছাত্ৰী গৰাকীৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷