বৰপেটা, ৬ জুনঃ পাঠশালাৰ সমীপৰ জালিখাটা কলিবাৰী শিৱ থানত আছে এচিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ জোপা । গছজোপা প্ৰত্যক্ষ কৰিবলৈ ৰাইজৰ হেতা ওপৰা ভিৰ ।
উল্লেখ্য যে, এই বৃক্ষ জোপাৰ সমীপতে থান চৌহদত এজন ব্যক্তিৰ চেষ্টা ত গঢ়ি তোলা হৈছে এখন গোলাপ ফুলৰ উদ্যান । ব্যক্তি গৰাকী এ উক্ত উদ্যান খনত 21 বিধ প্ৰজাতিৰ ভিন্ন ৰঙী গোলাপ ফুলৰ সমাহাৰেৰে কলবাৰী থানত গঢ়ি তুলিছে আন এক ন পৰিবেশ । স্বাভাৱিকতে এতিয়া বটবৃক্ষৰ লগতে গোলাপ ফুলৰ সুবাসে সৌষ্ঠৱ বৃদ্ধি কৰিছে কলিবাৰী থান খনৰ ।
লগতে আন এটা বাতৰি- এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বটবৃক্ষ জোপাৰ জন্মদিন