ETV Bharat / state

Ek Asom Yatra 5th day: AIUDFয়ে নিজকে মুছলমানৰ মালিক বুলি ভাবে; লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:00 PM IST

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ পঞ্চম দিন ৷ বজালীত মুখ্যমন্ত্ৰীৰ চাকৰি নীতি আৰু দমন নীতিক চোকা সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷ বিৰোধীৰ ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰত ৰখা সন্দৰ্ভতো মন্তব্য লুৰীণৰ ৷

Ek Asom Yatra 5th day
অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ পঞ্চম দিন

বজালী, ২৫ ছেপ্টেম্বৰ: মধুপুৰ সত্ৰত সেৱা লৈ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা আৰম্ভ কৰা এক অসম যাত্ৰাই আজি পঞ্চম দিনত ভৰি দিলে ৷ সোমবাৰে পুৱা পাঠশালাৰ আই অসমী সংঘৰ গান্ধীৰ প্ৰতিমূৰ্ত্তিত সেৱা জনাই আগবাঢ়ে লুৰীণজ্যোতি গগৈ । বজালীৰ ৰাজপথত বহু অনুৰাগীয়ে আদৰণি জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৷

ৰাইজৰ এই মৰমক কৃতজ্ঞতা জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, দল-মত নিৰ্বিশেষে সকলোৱে এই যাত্ৰাৰ প্ৰতি সঁহাৰি জনাইছে । ৰাইজৰ এই সঁহাৰিয়ে যাত্ৰাৰ মূল উদ্দেশ্য প্ৰাপ্তিত সহায় কৰিছে ৷ তেওঁ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চাকৰি নীতি আৰু দমন নীতিক চোকা ভাষাৰে সমালোচনা কৰে l তাৰ সমান্তৰালভাৱে বৃদ্ধ ছাত্ৰ-নেতাৰে ভৰপূৰ বুলি অভিযোগ উঠা ছাত্ৰ সন্থা সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নত নিজৰ অভিমত ব্যক্ত কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে l

বিৰোধীৰ ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ পৰা এ আই ইউ ডি এফক আঁতৰত ৰখা সন্দৰ্ভতো চোকা সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে কয় যে, AIUDFয়ে ভাবে যে তেওঁলোক মুছলমানৰ মালিক ৷ সেয়ে বিজেপিৰ কথা মতেই তেওঁলোকে নিজৰ কথা কৈ আহিছে ৷ বিজেপিৰ সমানেই AIUDF ও ধৰ্মীয় গোড়ামীৰে সংকীৰ্ণ বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

ইফালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক বিচক্ষণতা আৰু ৰাইজৰ মাজত গ্ৰহণযোগ্যতা সন্দৰ্ভতো তেওঁ নিজৰ ভাব ব্যক্ত কৰে ৷ দীৰ্ঘদিন অসুস্থতাত ভুগি বৰ্তমান স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাকো আজি দেখিবলৈ পোৱা যায় এই অসম যাত্ৰাত ৷

লগতে পঢ়ক: AJP Ek Asom Yatra :বিজেপিত থাকিলে ৫৬ বছৰতো চাকৰি লাভ কৰিব পাৰি : লুৰীণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.