ETV Bharat / state

অসম্পূৰ্ণ অৱস্থাত 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাঠৰ দলং

চিৰাজুদ্দিন আজমলে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ৰবিউল আৱাল উৰফে(মুন্নি) নামৰ এজন ইউ ডি এফ কৰ্মীক আবন্টন দিয়ে যদিও ব্যক্তিজনে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷

author img

By

Published : May 7, 2019, 10:50 PM IST

অসম্পূৰ্ণ অৱস্থাত 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাঠৰ দলং

জনীয়া, ৭ মে’: বৰপেটাৰ ছাপৰা গাঁৱত কাঠৰ দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ অৰ্ধসম্পূৰ্ণ দলং খনৰ ফলত দুৰ্ভোগত পৰিছে গাঁওবাসী ৷ প্ৰাপ্ত তথ্য অনুসৰি, 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে সাংসদ চিৰাজুদ্দিন আজমলৰ নেতৃত্বত নিৰ্মাণ হোৱা ছাপৰা গাঁৱৰ দলংখন অসম্পূৰ্ণ হৈ থকাৰ ফলত মঙলবাৰে ক্ষুব্ধ হৈ পৰে গাঁওবাসী ৷

অসম্পূৰ্ণ অৱস্থাত 11 লাখ 50 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাঠৰ দলং

ৰাইজে দিয়া তথ্য অনুসৰি চিৰাজুদ্দিন আজমলে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ৰবিউল আৱাল উৰফে(মুন্নি) নামৰ এজন ইউ ডি এফ কৰ্মীক আৱন্টন দিয়ে যদিও ব্যক্তিজনে দলং খন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ৰাইজে ৰবিউল আৱালক বাৰম্বাৰ দলংখন মেৰামতি কৰাৰ কৰা উল্লেখ কৰে যদিও ৰাইজৰ কথাৰ প্ৰতি কাণ-সাৰ নিদিয়া বুলিও অভিযোগ ৰাইজৰ ৷

উল্লেখ্য যে, উক্ত দলংখনেৰে ছাপৰা, গাগলমাৰি, ৰূপাকুছি, মহম্মদপুৰ, কাদং, ৰছুলপুৰ আদি কৰি বিভিন্ন অঞ্চলৰ মানুহে যাতায়ত কৰে। তেনেস্থলত জনপ্ৰতিনিধিৰ এনে কৰ্মই দুৰ্নীতিৰ চৰম সীমা উলংঘন কৰা বুলি ৰাইজে মন্তব্য কৰে ৷

Intro:Slug: as_jania_7may_corruption_of_wooden_bridge_vis2+byt2+photo1_asc10058

জনিয়া, ৭ মে: ছাপৰা গাঁৱত কাঠৰ দলং নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ। কংগ্ৰেছ দলৰ দূৰ্নীতি আৰু এচাম মধ্যস্থতাকাৰী সকলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ বিতুষ্ট হৈ নামনি অসমত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলক আকোৱালী লৈছিল। কিন্তু এ আই ইউ ডি এফ দলে দূৰ্নীতিৰ ক্ষেত্ৰত সকলো অভিলেখ ভঙ্গ কৰিবলৈ সক্ষম হৈছে বুলি বিভিন্ন মহলত চৰ্চা চলি থকা দেখা যায়। Body:Slug: as_jania_7may_corruption_of_wooden_bridge_vis2+byt2+photo1_asc10058

এম পি এল এ ডি এছ ২০১৮-১৯ অধীনত ছাপৰা গাঁৱত ১১ লাখ ৫০ হেজাৰ টকা ব্যয় সাপেক্ষে এখন কাঠৰ দলং নিৰ্মাণ কৰা হয়। এম পি মহম্মদ চিৰাজুদ্দিন আজমলে কাঠৰ দলংখন নিৰ্মাণ কৰিবলৈ এম পি গৰাকীৰ অতি প্ৰিয়ভাজন ৰবিউল আৱাল উৰফে(মুন্নি) নামৰ এজন ইউ ডি এফ কৰ্মীক আবন্টন দিয়া বুলি ৰাইজে জনাইছে। ৰাইজে কোৱাৰ দৰে কামটো সাংসদ চিৰাজুদ্দিন আজমলে দলৰ তথা তেওঁৰ ঘনিষ্ঠ হোৱাৰ কাৰণে ৰবিউল আৱাল নামৰ লোকজনক কামটো দিয়াৰ বাবে ব্যাপক দূৰ্নীতি হোৱা বুলি ৰাইজে অভিযোগ তুলিছে। ১১-৫০ লাখ টকা ব্যয় সাপেক্ষেহে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ দুয়ো মূৰত বঢ়াব লাগিছিল যদিও দলংখন ঠিকাদাৰে চাউলখো নদীৰ মাজত পেলাই থৈ যোৱা দেখা গৈছে। অন্ততঃ পক্ষে ৰাইজে ঠিকাদাৰ ৰবিউল আৱালক দলংখনৰ দুয়ো মূৰত মাটি ভৰাই দিবলৈ অনুৰোধ জনাইছে যদিও ঠিকাদাৰ জনৰ পৰা ৰাইজে কোনো ধৰণৰ সহাৰি পোৱা নাই বুলি জানিব পৰা গৈছে। ৰাইজৰ মতে এ আই ইউ ডি এফৰ একনায়কত্ববাদ আৰু দূৰ্নীতিয়ে চৰম পৰ্য্যায় পোৱাৰ বাবেই ৰাইজে ইউ ডি এফ দলটোক প্ৰত্যাখ্যান কৰিছে বুলি ৰাইজৰ মাজত আলোচনা চলি থকা দেখা গৈছে। উল্লেখ্য যে, দলংখনেদি ছাপৰা, গাগলমাৰি, ৰূপাকুছি, মহম্মদপুৰ, কাদং, ৰছুলপুৰ আদি কৰি বিভিন্ন অঞ্চলৰ মানুহে যাতায়ত কৰে। তেনেক্ষেত্ৰত ইউ ডি এফ দলৰ সাংসদ বদৰুদ্দিন আজমল ভ্ৰাতৃ সাংসদ চিৰাজুদ্দিন আজমলে ৰাইজৰ অনুৰোধৰ প্ৰতি গুৰুত্ব নিদিয়াটো বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত দূৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।Conclusion:Slug: as_jania_7may_corruption_of_wooden_bridge_vis2+byt2+photo1_asc10058

বাইট: স্থানীয় ৰাইজ।
স্বফিকুল হাছান, জনিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.