বৰপেটা, ২৮ জুলাই : ‘‘অসমলৈ অহাৰ পিচৰ পৰাই মই সকলোৰে মুখত দুজন লোকৰ চৰ্চা শুনি আহিছো ৷ এজন শ্ৰীমন্ত শংকৰদেৱ, আনজন মাধৱ দেৱ ৷ অসমৰ অধিকাংশ লোকেই এই গুৰুদুজনাক মানে ৷ শংকৰ-মাধৱ গুৰু দুজনাই এটা সময়ত বৈষ্ণৱ সংস্কৃতি ৰক্ষাৰ লগতে ধৰ্মৰ সৈতে মানুহক জড়িত কৰা প্ৰয়াস কৰিছিল ৷ সেয়ে ইমান বছৰ পিচতো তেওঁলোকক সকলোৱে স্মৰণ কৰি আহিছে ৷’’ বৰপেটাত এই মন্তব্য কৰে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই ৷

উল্লেখ্য যে, শুকুৰবাৰে বৰপেটা ভ্ৰমণ কৰি বৰপেটা সত্ৰত মূৰ দোৱালে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই ৷ বৰপেটা সত্ৰ দৰ্শন কৰি সাংবাদিকৰ সৈতে বাৰ্তালাপত তেওঁৰ অনুভূতি ব্যাখ্যা কৰে ৰাজ্যপাল কাটাৰীয়াই ৷ তেওঁ কয় যে, শংকৰ-মাধৱে সমাজক বহুত দি গৈছে ৷ দুয়োগৰাকী গুৰুৰ তপস্যা, সাধনা আৰু প্ৰচেষ্টাৰ বলতে বৈষ্ণৱ ধৰ্ম আজি এনে উচ্চ শিখৰত উপনীত হৈছে ৷ অনাগত দিনটো দুয়োজন গুৰুক আজি নৱপ্ৰজন্মই স্মৰণ কৰি থাকিব ৷
আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বিকাশ সন্দৰ্ভতো মত প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ভাৰতবৰ্ষ অৰ্থনৈতিক দিশত বহুত সবল হৈছে ৷ নৰেন্দ্ৰ মোদী অহাৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি বিশ্বৰ একাদশ স্থানত আছিল ৷ বৰ্তমান ভাৰতৰ স্থান পঞ্চমলৈ উন্নীত হৈছে ভাৰত ৷ যি বৃটিছে আমাক দুশ বছৰ শাসন কৰিছিল, সেই ইংলেণ্ডকো আজি ভাৰতে পিচ পেলাইছে ৷ অনাগত দুই তিনি বছৰৰ ভিতৰতে ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় অৰ্থনীতিলৈ উন্নীত হ’ব’’ ৷

জানিব পৰা মতে, আজি অৰ্থাৎ শুকুৰবাৰে ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ পৰা আহি বৰপেটা সত্ৰ দৰ্শনৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, নিৰাপত্তা সংস্থাসমূহৰ বিষয়া আৰু চৰকাৰী বিভাগৰ বিভাগীয় বিষয়াৰ সৈতে আৱৰ্ত ভৱনত এখ বৈঠকত মিলিত হ’ব ৷
ইয়াৰ পিচতে ৰাজ্যপালগৰাকীয়ে সৰভোগৰ নিজ ডমকা আৰু বৰপেটাৰোডৰ দুখন গো-শালা পৰিদৰ্শন কৰিব ৷ ৰাজ্যপালগৰাৰীয়ে বৰপেটাৰোডৰ শ্ৰীদিগম্বৰ জৈন মন্দিৰো দৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷ ইপিনে সন্ধিয়াৰ ভাগত ৰাজ্যপালগৰাকীয়ে বৰপেটা আৱৰ্ত ভৱনত বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু হিতাধিকাৰীৰে মত বিনিময় কৰিব ৷
লগতে পঢ়ক : Bharat Gourav Award to Ratan Tata : ৰতন টাটালৈ ইষ্ট বেংগল ক্লাবৰ ভাৰত গৌৰৱ বঁটা