ETV Bharat / state

Shiksha Setu app row: নিয়মীয়াকৈ দৰমহা পাই আছে যেতিয়া কাম সমূহো নিষ্ঠাৰে কৰক: শিক্ষকক শিক্ষামন্ত্ৰীৰ উপদেশ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:44 PM IST

Updated : Oct 6, 2023, 10:01 PM IST

ক’তো একো অসুবিধা হোৱা নাই শিক্ষাসেঁতুত ৷ এই এপক লৈ প্ৰতিবাদ কৰি থকা সকল বিদ্যালয়লৈ নাযায় বাবেই সমস্যাৰ কথা কৈ আছে ৷ দৰমহা পাই আছে যেতিয়া দায়িত্ব পালন কৰক ৷ বৰপেটাত শিক্ষামন্ত্ৰীৰ মন্তব্য ৷

Shiksha Setu app row
Assam Education Minister
শিক্ষাসেঁতু সন্দৰ্ভত ৰণোজ পেগুৰ মন্তব্য

বৰপেটা, ৬ অক্টোবৰ: শিক্ষাসেঁতু এপক লৈ ৰাজ্যজুৰি চলি থকা বিভিন্ন আলোচনা-বিলোচনাৰ মাজতে শুকুৰবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ বৰপেটা জিলাত উপস্থিত হৈ শিক্ষা বিভাগৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষাসেঁতু এপক লৈ কোনো সমস্যা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ সামাজিক মাধ্যমত বহুতেই এই এপক লৈ সমস্যাত পৰা বুলি দাবী কৰি আহিছে যদিও সেয়া অস্বীকাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে এই এপটোৰ জৰিয়তে সমগ্ৰ অসমত দৈনিক ১ লাখ ৯০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ উপস্থিতিৰ তথ্য সন্নিবিষ্ট কৰি আছে । এইটো এটা অতি সহজ এপ বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে মাত্ৰ পাঁচৰ পৰা দহ হাজাৰেহে ইয়াৰ বিৰোধিতা কৰি আছে । সেইসকলে বিদ্যালয়লৈ নাযায় বাবেই আপত্তি কৰি থকা বুলি ডাঃ পেগুৱে মন্তব্য কৰে । আপত্তি কৰি থকা শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ গ’লেই সমস্যাৰ শেষ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

  • আজি মই বৰপেটা জিলা ভ্ৰমণলৈ আহিছোঁ। জিলাখনত ২০৬৭খন বিদ্যালয় আছে, ১১,৭৫৮গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ২,৭৬,৮৩৩ ছাত্ৰ-ছাত্ৰী আছে। শিক্ষা সেতুৰ তথ্য মতে আজি জিলাখনৰ ১০,৫৯৩গৰাকী শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত আছে। অৰ্থাৎ ১১৬৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী অনুপস্থিত থকা পৰিলক্ষিত…

    — Ranoj Pegu (@ranojpeguassam) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দৰমহা দিয়া এদিন দেৰি হ’লেই বহু হুলস্থুল হয় ৷ চৰকাৰে যিহেতু শিক্ষকসকলক নিয়মিত দৰমহা দি আছে, সেই গতিকে শিক্ষকসকলেও নিয়মিত নিজৰ দায়িত্ব কৰ্তব্য পালন কৰা উচিত ৷ ইয়াৰ লগতে পৰীক্ষা স্থগিত ৰাখি অমৃত কলহ যাত্ৰা অনুষ্ঠিত কৰা বিষয় সন্দৰ্ভত তেওঁ কয় যে দেশৰ শ্বহীদৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞাত কৰাৰ বাবে লোৱা এই পদক্ষেপ শিক্ষাৰেই এক অংশ ৷

আনহাতে শুকুৰবাৰৰ দিনটোত ৯০ শতাংশ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰো তথ্য দাঙি ধৰে । তেওঁ কয় যে বৰপেটা জিলাত ২০৬৭ খন শিক্ষানুষ্ঠান আছে । ইয়াত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা হ'ল ১১,৭৫৮ গৰাকী আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল ২,৭৬,৮৩৩ গৰাকী ।

আজিৰ দিনটোত শিক্ষানুষ্ঠানত উপস্থিত থকা শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা হ'ল ১০,৫৯৩ গৰাকী । আনহাতে, ১,১৬৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ অনুপস্থিতি দেখা গৈছে জিলাখনত ৷ এইসকল কিয় উপস্থিত নাই তাৰ অনুসন্ধান কৰিবলৈ বৰপেটা জিলা বিদ্যালয় শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি ডাঃ পেগুৱে সদৰী কৰে । সমগ্ৰ অসমতে ইণ্টাৰনেটৰ কোনো সমস্যা নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক: MP Gaurav Gogoi in Guwahati :দুৰ্নীতি কৰা‌ মানুহক বিজেপিয়ে আঁকোৱালি লয়; সাংসদ গৌৰৱ‌ গগৈ

Last Updated : Oct 6, 2023, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.