ETV Bharat / state

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা - ব'হাগ বিহু

ব'হাগ মাহটোতে বিহুৰ সামৰণি মাৰিবলৈ আহ্বান জনপ্ৰিয় অভিনেত্ৰী অনন্যা শইকীয়াৰ ৷

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা
author img

By

Published : Apr 27, 2019, 9:06 PM IST

বৰপেটা, ২৭ এপ্ৰিলঃ ব'হাগ মাথো এটি ঋতু নহয়, নহয় এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ । অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহুটি উদযাপন সত্ৰ নগৰী বৰপেটাত । উদুলি-মুদুলি বিহুতলিৰ বাকৰি । সাজি-কাছি আহিলে সকলো বিহুতলিলৈ ।

লোক সংস্কৃতিৰ বৰ্ণিল সমাহাৰ সত্ৰ নগৰী বৰপেটা

বিহু বুলিলেই অসমীয়াৰ আনন্দত নাচি উঠে আমাৰ সকলোৰে মন-প্ৰাণ । ৰাজ্যৰ সকলো প্ৰান্ততে উলহ-মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ৰঙালী বিহুটি । পিছপৰি ৰোৱা নাই বৰপেটাৰ বিহু-বলীয়া ৰাইজো । এই বেলি দুকুৰি এবছৰত ভৰি দিলে বৰপেটা কেন্দ্ৰীয় বিহ সন্মিলনীয়ে । বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰিলে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা । সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী অনন্যা শইকীয়াই । গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ লগতে বিহুৱা -বিহুৱতীৰ বিহু নৃত্য, বড়ো, ৰাভা, নেপালী লোককৃষ্টিয়ে সমন্বয় মিলন তীৰ্থলৈ পৰিণত কৰিলে বৰপেটাৰ আকাশ-বতাহ ।

অধিক জানিবলৈ- বাক্সাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ফেশ্বন শ্ব'

Slug:       A_BAR_27APR_808TO810_BARPETA_RANGALI_BIHU_VIS+BITE+PHOTO_BAPKAN_DAS                  
 সত্ৰনগৰী বৰপেটাত আজি ৰঙালী বিহুঃ সত্ৰীয়া কৃষ্টি আৰু জনজাতীয় সংস্কৃতিৰ পয়োভৰ ঘটিল বৰপেটাৰ বিহুৰ শোভাযাত্ৰাত ৷

বৰপেটা, ২৭ এপ্ৰিলঃ ব'হাগ মানেই অসমীয়াৰ প্ৰাণ, জাতিৰ আয়ুসৰেখা ৷ এনেহেন ব'হাগৰ বিহুতি জানো নেপাতি থাকিব পাৰি ৷ সত্ৰনগৰী বৰপেটাত আজি উদযাপন কৰা হৈছে বিহু ৷ এইবেলি দুকুৰি এবছৰত ভৰি দিয়া বৰপেটাৰ বিহু উপলক্ষে আজি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে বৰপেটাবাসীক ৷ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী অনন্যা শইকীয়াই মুকলি কৰা বিহুৰ সাংস্কৃতিক শোভাযাত্ৰাত প্ৰাণ পাই উঠে দুজনা গুৰুৰ কৰ্ম আৰু ধৰ্মভূমি সত্ৰনগৰী বৰপেটাৰ সত্ৰীয়া সংস্কৃতি আৰু বিবিধ জনজাতীয় কৃষ্টি ৷ বিহুৱা -বিহুৱতীৰ বিহু নৃত্য, বড়ো, ৰাভা আদি থলুৱা বিহু নৃত্যৰ লগতে, নেপালী আদি লোককৃষ্টি ৷ 
সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব বহন কৰা অভিনেত্ৰী অনন্যা শইকীয়ায়ো কলে- বৰপেটাৰ ঐতিহ্য, বৰপেটাৰ সাংস্কৃতিক প্ৰেৰণা আৰু প্ৰভাৱৰ কথা ৷ 
আনহাতে সাতবিহুৰ পৰম্পৰাৰ কথা সুৱৰি ব'হাগ মাহটোতে বিহু সামৰনি মাৰিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে ৷ বহাগ মাহ পাৰ হৈ যোৱাৰ পিচতো বিহুৰ নামত এচাম লোকে বহাগী বিদায় অনুষ্ঠিত কৰাটোৰ ঘোৰ বিৰোধিতা কৰে শিল্পী তথা জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷

বাইটঃ অনন্যা শইকীয়া ৷ 
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.