ETV Bharat / state

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো দেওবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ ৷

author img

By

Published : May 19, 2019, 1:14 PM IST

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

বৰপেটা, ১৯ মেঃ দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩০ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰতো দেওবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ ৷

বৰপেটা সত্ৰত ইতিমধ্যে পুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হোৱাৰ লগতে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে ভকত বৈষ্ণব আৰু আই বাপসকলে সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱাভক্তি নিবেদন কৰে ৷ মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত পাঠত অংশগ্ৰহন কৰে ৷

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন

সোমবাৰে বৰপেটা সত্ৰত পুৱা প্ৰসংগৰ লগতে,আবেলি সত্ৰৰ টুপৰ চোতালত আইসকলৰ নাম আৰু সন্ধিয়া সত্ৰৰ লগতে সত্ৰবাসী প্ৰতিটো পৰিয়ালত বন্তি প্ৰজ্বলনেৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ সামৰণি পৰিব ৷

Slug:    as_bar_19may_madhabdev_birth_anniversary_at_barpeta_satra_vis+bite+photo_7203841                         

বৰপেটা সত্ৰত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ পালন
বৰপেটা, ১৯ মেঃ
আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩০ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ ৷ ৰাজ্যৰ বিভিন্ন সত্ৰ, নামঘৰ আদিত গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে নামপ্ৰসংগ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত কৰা হৈছে ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰতো আজিৰে পৰা দুদিনীয়াকৈ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ ইতিমধ্যে আজি পুৱাৰ পৰাই সত্ৰত নৈমিত্তিক প্ৰসংগ অনুষ্ঠিত হৈছে ৷ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে ভকত বৈষ্ণব আৰু আই বাপসকলে সত্ৰত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি সেৱাভক্তি   নিবেদন কৰিছে ৷ বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই আজি সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত পাঠত অংশগ্ৰহন কৰে ৷ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ উপলক্ষে আজি ভাগৱত ভ্ৰমন আৰু আবেলি ধৰ্মালোচনা সভাও অনুষ্ঠিত হব ৷ বৰপেটা সত্ৰৰ উপৰিও গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, পাটবাউসী সত্ৰ আদিৰ লগতে বৰপেটা জিলাৰ সকলোবোৰ সত্ৰ, নামঘৰ আদিত মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ ইপিনে কাইলৈ বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ লগতে  আবেলি সত্ৰৰ টুপৰ চোতালত আইসকলৰ নাম আৰু সন্ধিয়া সত্ৰৰ লগতে সত্ৰবাসী প্ৰতিটো পৰিয়ালত বন্তি প্ৰজ্বলনেৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ সামৰনি পৰিব ৷

বাইটঃ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.