বজালী, ১৭ মেঃ বজালীত 90% নম্বৰেৰে উজলিল এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী । ছাত্ৰী গৰাকীৰ নাম আফৰিনা পাৰবীন ।
পাঠশালাৰ শিক্ষাজ্যোতি আদৰ্শ বিদ্যালয়ৰ অতি পিচপৰা আৰু দুখীয়া পৰিয়ালৰ ছাত্ৰী আফৰিণা পাৰবীনে হাই স্কুল শিক্ষান্ত পৰিক্ষাত 90% ৰে কৃতিত্ব লাভ কৰিছে । সেই লৈ আনন্দৰ জোঁৱাৰ উঠিছে বিদ্যালয় খনৰ লগতে পৰিয়ালটোৰ । ভৱিষ্যতে চিকৎসক হোৱা সপোন পুহি ৰখা আফৰিণাৰ সমস্যা হৈছে আৰ্থিক দৈনতা । কিন্তু আফৰিণে জীৱন সংগ্ৰামত যে, আৰ্থিক দৈনতা হেঙাৰ হ'ব নোৱাৰে সেয়া দেখুৱাবলৈ সক্ষম হ'ল আফৰিণৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে । সঁচাকে একেবাৰে ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ প্ৰতিভাশালী ছাত্ৰী আফৰিণাৰ জীৱন সংগ্ৰাম শলাগিবলগীয়া l
লগতে আন এটা বাতৰি - পুত্ৰই লাভ কৰিছে ডিষ্টিংচনঃ চিন্তিত পিতৃ