জনীয়া, 24 জানুৱাৰী: কলগাছিয়াত পুনৰ দুৰ্ঘটনাত পতিত হ’ল এখন ডাম্পাৰ । দ্ৰুতবেগত গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলতে সংগঠিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰ খনৰ নম্বৰ হৈছে - AS-15 AC 1184 ৷
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কলগাছিয়াৰ বালাৰপথাৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে ডাম্পাৰ খনৰ চালক জনৰ। নিশাৰ এন্ধাৰৰ সুযোগ লৈ সৰভোগৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰা সময়তে নিশা বালাৰপথাৰত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰ খনৰ চালক জনে পলায়ন কৰে বুলি জানিবলৈ পোৱা গৈছে।
ইফালে দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ বাবে ৰাইজে কৰিলে ক্ষোভ প্ৰকাশ ৷ প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই প্ৰত্যেক দিনে অবৈধভাৱে বালি সৰবৰাহ কৰা বাহনৰ এনেধৰণৰ দুৰ্ঘটনা সংগঠিত হৈ আহিছে বুলি অভিযোগ কৰে ৷ আনহাতে একাংশ অসাধু চক্ৰই অবৈধভাবে দৈনিক বালি সৰবৰাহ কৰি আহিছে যদিও বন বিভাগ তথা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ অতি শীঘ্ৰে এই অবৈধ বালি খনন আৰু সৰবৰাহ কাৰ্য বন্ধ কৰাৰ বাবে আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে সচেতন ৰাইজে ।
লগতে পঢ়ক-ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !