ETV Bharat / state

মিডিয়াই মোদীৰ হাতৰ পুতলা হৈ কাম কৰিছেঃ কৃষক সভা - Jania

'কা' আৰু 'কৃষি আইন' বাতিলৰ দাবীত আজি সৰভোগত এখন সংবাদ মেল আয়োজন কৰে অসম ৰাজ্যিক কৃষক সভাৰ সদস্য সকলে ৷ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য কৰে কৃষক সভা নেতৃত্বই ৷

pressmeet held krikhok shobha at Janis
মিডিয়াই মোদীৰ হাতৰ পুতলা হৈ কাম কৰিছেঃ কৃষক সভা
author img

By

Published : Jan 24, 2021, 4:09 PM IST

জনীয়া, 24 জানুৱাৰী: কৃষক আইন বাতিলৰ দাবীত দিল্লীত ৫৮ দিন ধৰি চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ এটা প্ৰতিনিধি দলেও যোগদান কৰিছিল ৷ দিল্লীৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি ওভতি আহি আজি প্ৰতিনিধি দলটোৱে বৰপটাৰ সৰভোগত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত কৃষক সভাৰ সদস্য সকলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন কৰ্পৰেট গোষ্ঠীৰহে চৰকাৰ বুলি কটাক্ষ কৰে ৷ এই চৰকাৰখনে কেতিয়াও কৃষক-শ্ৰমিকৰ কথা নেভাবি কেৱলমাত্ৰ কৰ্পৰেট গোষ্ঠীৰ হাতত ৰাজহুৱা সম্পত্তি সমূহ বিক্ৰী কৰি কৰ্পৰেট গোষ্ঠীকহে ধনী কৰি আহিছে । দুখীয়া দৰিদ্ৰ লোক সকলৰ বাবে তিল মাত্ৰও চিন্তা নকৰে, দৰিদ্ৰ লোক সকলৰ সমস্যা সমূহ সমাধানৰ ওপৰত কোনো গুৰুত্ব নাই বুলি মন্তব্য কৰে ৷

মিডিয়াই মোদীৰ হাতৰ পুতলা হৈ কাম কৰিছেঃ কৃষক সভা

ইফালে, ২৬ জানুৱাৰীত আন্দোলনকাৰী কৃষক সকলে দিল্লীৰ আন্দোলন স্থলীতেই গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে আৰু চৰকাৰৰ যিকোনো বাধা ওফৰাই হ'লেও গণতন্ত্ৰ দিৱস উদযাপন কৰিব বুলি হুংকাৰ দিয়ে ।

আজিৰ এই সংবাদমেলত নিখিল ভাৰত কৃষক সভা, অসমৰ সহঃ সম্পাদক গজেন বৰ্মণে একাংশ মিডিয়াকো তীব্ৰ ভাষাৰে সমালোচনা কৰে । মিডিয়াই কৃষকৰ সমস্যা সমূহ প্ৰকাশ কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ হাতৰ পুতলা হৈ চৰকাৰৰ মিছা প্ৰতিশ্ৰুতি সমূহ প্ৰকাশ কৰা বুলি অভিযোগ কৰে ৷ চৰকাৰে যেতিয়ালৈ কৃষি আইন বাতিল নকৰে, তেতিয়ালৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ নেতা সকলে সংবাদমেল যোগে মন্তব্য কৰে ।

লগতে পঢ়ক-অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.