বৰপেটা, ৪ নৱেম্বৰ: বৰপেটাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত কাছসহ এজন লোকক আটক কৰে বন বিভাগৰ অভিযানকাৰী দলে। উদ্যানখনৰ বনপালক বনজিৎ দাসৰ নেতৃত্বত অভিযান চলাই বন বিভাগে শালবাৰী থানাৰ অন্তৰ্গত কাটাঝাৰৰ কিৰণ দাসক আটক কৰে।

ধৃত কিৰণ দাসৰ বাসগৃহৰ পৰা এটা কাছ উদ্ধাৰ কৰে বন বিভাগৰ লোকে। কাছটো পথাৰৰ পৰা উদ্ধাৰ পিছতে বিক্ৰীৰ বাবে নিজ ঘৰত লুকুৱাই থৈছিল কিৰণ দাসে। সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে কিৰণ দাস নামৰ লোকজনক।
লগতে পঢ়ক:মানৱতাৰ নিৰ্দশনকাৰী মহানগৰী সমীপৱৰ্তী এখন গাঁও...