ETV Bharat / state

বৰপেটাৰ গোৱৰ্ধনাত তিনি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCPৰ

author img

By

Published : Feb 6, 2021, 7:49 AM IST

বৰপেটা জিলাৰ গোৱৰ্ধনাত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷

effigy burn By AJYCP at gobardhana
বৰপেটাৰ গোৱৰ্ধনাত তিনি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCP ৰ

বৰপেটা,6 ফেব্ৰুৱাৰী: পুনৰ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃ্দ্ধিয়ে মাধমাৰ সোধাইছে সৰ্ব-সাধাৰণ ৰাইজক ৷ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃ্দ্ধি পোৱাত সমগ্ৰে দেশতে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰিছে ৷ সমান্তৰালকৈ বৰপেটা আৰু বাক্সাৰ সীমামুৰীয়া অঞ্চল গোৱৰ্ধনাতো শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোৱৰ্ধনা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী,পেট্ৰ'লিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি পেট্ৰ'ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ,মুল্যবৃদ্ধি ৰোধ কৰক,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়,বিজেপি চৰকাৰ গ' বেক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাক্সা জিলাৰ গৰীয়া-মৰীয়া দেশী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলেও অংশ গ্ৰহণ কৰে ৷ শুকুৰবাৰৰ দিনটোতে বৰপেটাৰোড আৰু সৰভোগতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বুলি জানিবলৈ দিছে সংগঠনটোৰ নেতৃত্বই ৷

লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.