ETV Bharat / state

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত ছাত্ৰ-ছাত্ৰী - লোকসভা নিৰ্বাচন

লোকসভা নিৰ্বাচনৰ কামত প্ৰায় তিনিমাহ ধৰি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়খন অধিগ্ৰহণ কৰি ৰাখিছিল জিলা প্ৰশাসনে ৷ বৰ্তমানেও নিৰ্বাচনৰ বিভিন্ন সামগ্ৰীৰে ভৰি আছে শ্ৰেণীকোঠা ৷ শীঘ্ৰে মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ খালী কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী
author img

By

Published : Jun 25, 2019, 7:55 PM IST

Updated : Jun 25, 2019, 8:04 PM IST

বৰপেটা,২৫ জুনঃ বৰপেটাৰ ৰাজপথলৈ ওলাই আহিল মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ মাধৱ চৌধুৰী মহাবিদ্যালয় চমুকৈ এম চি কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰপেটা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লোকসভা নিৰ্বাচনৰ কামত প্ৰায় তিনিমাহ ধৰি মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ অধিগ্ৰহণ কৰি ৰাখিছিল জিলা প্ৰশাসনে ৷ কলেজখন অধিগ্ৰহণ কৰি স্থাপন কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ষ্ট্ৰংৰূম ৷

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী

শ্ৰেণী কোঠাসমূহ অধিগ্ৰহণ কৰি ৰখাৰ ফলত মহাবিদ্যালয়খনৰ প্ৰায় তিনিমাহ ধৰি পাঠদান বন্ধ হৈ আছিল ৷ ফলত পাঠ গ্ৰহণৰ ক্ষেত্ৰত বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ এতিয়াও কলেজখনৰ কোঠাসমূহত ৰাখি থোৱা আছে নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত ব্যৱহৃত ইভিএমসহ নিৰ্বাচনৰ সামগ্ৰী ৷ অতি শীঘ্ৰে কলেজখন খালি কৰি দিয়াৰ দাবীত ৰাজ্যৰ নিৰ্বাচন আয়ুক্তলৈ ছাত্ৰ একতা সভাৰ সদস্যসকলে স্মাৰকপত্ৰ প্ৰেৰণ ৷ ২৭ জুনত মহাবিদ্যালয়ৰ কোঠাসমূহ খালী কৰি দিবলৈ সময়সীমা দিয়ে ছাত্ৰ একতা সভাই ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ-ছাত্ৰীৰ ৷

আৰু পঢ়কঃ পথৰ কাষত জ্বলিব লগা সৌৰচাকি জ্বলিল বিজেপি নেতাৰ চোতালত

Slug:    as_bar_25june_mc_college_student_protest_vis+bite+photo_7203841                     

লোকসভা নিৰ্বাচনৰ ষ্ট্ৰংৰূম স্থাপনঃ তিনিমাহ ধৰি পাঠদান বন্ধ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৷
বৰপেটা চহৰত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ সমদল ৷
শীঘ্ৰে কলেজখন খালী কৰাৰ দাবীত ৰাজ্যৰ ৰাজ্যৰ নিৰ্বাচন আয়ুক্তলৈ স্মাৰকপত্ৰ

বৰপেটা, ২৫ জুনঃ বৰপেটাৰ ৰাজপথত নামিল মাধৱ চৌধুৰী মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী ৷ মাধৱ চৌধুৰী মহাবিদ্যালয় চমুকৈ এম চি কলেজৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত আজি মহাবিদ্যলয়খনৰ ছাত্ৰ ছাত্ৰীসকলে  বৰপেটা চহৰৰ মাজেৰে জিলা উপায়ুক্ত কাৰ্যালয়লৈ সমদল উলিয়াই  প্ৰতিবাদ সাব্যস্ত কৰে ৷ লোকসভা নিৰ্বাচনৰ কামত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসমুহ অধিগ্ৰহন কৰি ৰাখিছে বৰপেটা জিলা প্ৰশাসনে ৷ শ্ৰেনীকোঠাসমুহ খালি কৰি দিয়াৰ দাবীতে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷ লোকসভা নিৰ্বাচনৰ কামত প্ৰায় তিনিমাহ ধৰি মহাবিদ্যায়খন অধিগ্ৰহন কৰি ৰাখিছে জিলা প্ৰশাসনে ৷কলেজখন অধিগ্ৰহন কৰি স্থাপন কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ষ্ট্ৰংৰূম ৷ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী সকলো কামকাজ পৰিচালনা হৈছিল এই মহাবিদ্যালয়খনৰ পৰাই ৷ ইপিনে নিৰ্বাচনৰ কামত অধিগ্ৰহন কৰি ৰখাৰ ফলত মহাবিদ্যালয়খনৰ প্ৰায় তিনিমাহ ধৰি পাঠদান কাৰ্য বন্ধ হৈ আছে  ৷  ফলত পাঠ গ্ৰহনৰ ক্ষেত্ৰত  বৃহৎ ক্ষতিৰ সন্মুখীন হবলগীয়া হৈছে কলেজখনৰ ছাত্ৰছাত্ৰীসকল ৷ ইপিনে, মহাবিদ্যালয়খনত পাঠদান বন্ধ হৈ থকাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় উপস্থিতিৰ হাৰ হ্ৰাস পোৱাৰ লগতে বেক থকা ছাত্ৰ ছাত্ৰীসকল বিশেষ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে ৷ এতিয়াও কলেজখনৰ কোঠাসমুহত ৰাখি থোৱা আছে নিৰ্বাচনৰ ভোটগ্ৰহনৰ কামত ব্যৱহৃত ইভিএমসহ নিৰ্বাচনৰ সামগ্ৰী ৷ অতি শীঘ্ৰে কলেজখন খালি কৰি দিয়াৰ দাবীত ৰাজ্যৰ নিৰ্বাচন আয়ুক্তলৈ  ছাত্ৰ একতা সভাৰ স্মাৰকপত্ৰ প্ৰেৰন ৷ ২৭ জুনত মহাবিদ্যালয়ৰ কোঠাসমুহ খালী কৰি দিবলে সময়সীমা ছাত্ৰ একতা সভাৰ ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰছাত্ৰীসকলৰ ৷ আনহাতে অনাগত কোনো নিৰ্বাচনতে কলেজখন ব্যৱহাৰ নকৰিবলৈকো দাবী ছাত্ৰ একতা সভাৰ ৷ 

বাইটঃ প্ৰতিবাদকাৰী ৷
 --- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
Last Updated : Jun 25, 2019, 8:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.