ETV Bharat / state

কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই পৰিদৰ্শন কৰিলে বৰপেটা জিলা কাৰাগাৰ

author img

By

Published : Jan 29, 2021, 6:16 PM IST

আছাম হিউমেন ৰাইটচ্ কমিচন আৰু বিভিন্ন জনৰ পৰামৰ্শ অনুসৰি ৰাজ্যত অব্যাহত আছে কাৰাগাৰৰ সংস্কাৰৰ কাম ৷ সেই অনুসৰি আজি বৰপেটাত জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰ এটাৰো উদ্বোধন কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ৷

child home inauguration at barpeta_dist jail
কেন্দ্ৰীয় কাৰাগাৰত এক হাজাৰ কাৰাবন্দীৰ বিপৰীতে বাৰ শতাধিক কাৰাবন্দীঃ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা

বৰপেটা, 29 জানুৱাৰী: বৰপেটাত আজি কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা উপস্থিত হৈ বৰপেটা জিলা কাৰাগাৰ পৰিদৰ্শণ কৰে ৷ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ইয়াৰ পিচতে আজি বৰপেটা জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰ এটাৰো উদ্বোধন কৰে ৷ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱামতে, আছাম হিউমেন ৰাইটচ্ কমিচন আৰু বিভিন্ন জনৰ পৰামৰ্শ অনুসৰি ৰাজ্যত অব্যাহত আছে কাৰাগাৰৰ সংস্কাৰ ৷ কাৰাগাৰৰ সংস্কাৰ কাৰ্যসূচী অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন কাৰাগাৰতে শিশুৰ একোটা ওমোলা ঘৰ নিৰ্মাণ কৰিবলৈ লোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

কেন্দ্ৰীয় কাৰাগাৰত থাকিব লগা হাজাৰৰ বিপৰীতে আছে বাৰ শতাধিক কাৰাবন্দী !

ইতিমধ্যে গুৱাহাটী কাৰাগাৰত শিশুৰ ওমলা ঘৰ মুকলি কৰাৰ পিচতে বৰপেটাতো আজি শিশুৰ ওমলা ঘৰ মুকলি কৰা হয় ৷ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱা মতে, মডেল প্ৰিজন মেনুৱেল ২০১৬ অনুসৰি, কাৰাগাৰ সমূহৰ সংস্কাৰ অব্যাহত আছে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰতে চি চি কেমেৰা লগোৱাৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি মন্তব্য কৰি কাৰাগাৰৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ কাৰাগাৰ সমূহৰ বাহিৰত পেট্ৰ'লিঙৰ ব্যৱস্থা লোৱা বুলি প্ৰকাশ কৰে ৷

আনহাতে, কাৰাবন্দী লোক সকলৰ স্বাস্থ্য সেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ প্ৰতিখন কাৰাগাৰতে চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণৰ ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ৷ ইপিনে কাৰাগাৰ সমূহত অধিক কাৰাবন্দী ৰাখিবলগীয়া হোৱাতো আন এক সমস্যা হৈ পৰা বুলিও মন্তব্য কৰে ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এক হাজাৰ কাৰাবন্দী ৰাখিব পৰাৰ ব্যৱস্থাৰ বিপৰীতে সম্প্ৰতি প্ৰায় বাৰ শতাধিক কাৰাবন্দী থকা বুলি প্ৰকাশ কৰে ৷ আনহাতে ৰাজ্যৰ প্ৰতিখন কাৰাগাৰত সম্প্ৰতি ক'ভিড মুক্ত বুলিও সদৰি কৰে কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই ৷

বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে বৰপেটা জিলা কাৰাগাৰত শিশুৰ ওমলা ঘৰতো মুকলি কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কাৰাগাৰ খনৰ উন্নয়ন আৰু সমস্যাসমূহ সমাধানৰ চেষ্টা চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক-উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.