ETV Bharat / state

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ ৬০ সংখ্যক মৃত্যু দিৱস উপলক্ষে শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Sep 13, 2019, 12:24 PM IST

সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱস উপলক্ষে প্ৰতিমূৰ্তি উন্মোচন

জনীয়া, 12 ছেপ্তেম্বৰ : সৈনিকশিল্পী, স্বাধীনতা সংগ্ৰামী, অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ বৃহশ্পতিবাৰে ৬০ সংখ্যক মৃত্যু দিৱস ৷ ১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত মৃত্য হোৱা শিল্পীগৰাকীৰ মৃত্যু দিৱস উপলক্ষে বৃহস্পতিবাৰে বৰপেটাৰ সৰভোগত সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাক স্মৰণ কৰে সৰভোগবাসীয়ে ৷ শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনটোতে সৰভোগৰ ক্লাব নিভিয়াৰ উদ্যোগত সৰভোগ সমষ্টিৰ বিধায়কৰ পুূূঁজিৰে নিৰ্মিত সৈনিক শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তিটো উন্মোচন কৰে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ অনুষ্ঠানত অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়েও অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ইতিপূৰ্বে সৰভোগত স্থাপন কৰা ব্ৰজনাথ শৰ্মাৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷ লগতে সৰভোগত শিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু যতীন বৰাই ৷ সৰভোগত স্বাধীনতা সংগ্ৰামী, সৈনিকশিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি জনাই বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ শিল্পীগৰাকীৰ স্মৃতিদিৱসৰ অনুস্থানত অংশগ্ৰহণ কৰাৰ লগতে অভিনেতা যতীন বৰাই ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ৰত্নাকৰৰ বাবে শিল্পীগৰাকীৰ আশীৰ্বাদ বিচাৰে।

Intro:slug : as_jania_12sep_bojronath_sarma_sorbhog_vis2+byt2+pho1_spl_story_asc10058

Anchor : বৰপেটাৰ সৰভোগত সৈনিকশিল্পী, অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাৰ ৬০ সংখ্যক মৃত্যুদিৱসত শিল্পীগৰাকীক সোঁৱৰণ ৷ শিল্পীগৰাকীৰ আৱক্ষমূৰ্তি উন্মোচন, ব্ৰজ সদনৰ আধাৰশিলা স্থাপন ৷Body:slug : as_jania_12sep_bojronath_sarma_sorbhog_vis2+byt2+pho1_spl_story_asc10058

VO : সৈনিকশিল্পী, স্বাধীনতা সংগ্ৰামী, অসমত সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ আজি ৬০ সংখ্যক মৃত্যু দিৱস ৷ ১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত মৃত্য হোৱা শিল্পীগৰাকীৰ মৃত্যু দিৱস উপলক্ষে আজি বৰপেটাৰ সৰভোগত সৈনিকশিল্পী ব্ৰজনাথ শৰ্মাক স্মৰণ কৰে সৰভোগবাসীয়ে ৷ শিল্পীগৰাকীৰ মৃত্যুদিৱসৰ দিনটোতে আজি সৰভোগৰ ক্লাব নিভিয়াৰ উদ্যোগত সৰভোগ সমষ্টিৰ বিধায়কৰ পূজিৰে নিৰ্মিত সৈনিক শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি এটা উন্মোচন কৰা হয় ৷ শিল্পীগৰাকীৰ আৱক্ষমূৰ্তি উন্মোচন কৰে সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ অনুষ্ঠানত অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়েও অংশগ্ৰহন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ ইপিনে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ইতিপূৰ্বে সৰভোগত স্থাপন কৰা ব্ৰজনাথ শৰ্মাৰ প্ৰতিমূৰ্তিতো শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷ স্মৃতিতৰ্পন কাৰ্যসূচীৰ পিচতে সৰভোগত শিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰনজিৎ কুমাৰ দাস আৰু যতীন বৰাই৷ সৰভোগত স্বাধীনতা সংগ্ৰামী, সৈনিকশিল্পীগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা 'ব্ৰজ সদন'ৰ নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্য চপকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি বিধায়ক ৰনজিৎ কুমাৰ দাসে জানিবলৈ দিয়ে৷ ইপিনে শিল্পীগৰাকীৰ স্মৃতিদিৱসৰ অনুস্থানত অংশগ্ৰহন কৰাৰ লগতে অভিনয়াচাৰ্যগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অসম চৰকাৰৰ চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ তথা অভিনেতা যতীন বৰাই ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ৰত্নাকৰৰ বাবে শিল্পীগৰাকীৰ আশীৰ্বাদ বিচাৰে।Conclusion:slug : as_jania_12sep_bojronath_sarma_sorbhog_vis2+byt2+pho1_spl_story_asc10058

বাইটঃ ৰনজিৎ কুমাৰ দাস ৷
বাইটঃ যতীন বৰা ৷

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.