ETV Bharat / state

এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী

জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত এজাক বৰষুণতে কৃত্ৰিম বানপানী,যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত নৰক যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজে ৷

artificial-flood-jonia-kolgasia
এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী
author img

By

Published : Apr 25, 2020, 10:56 AM IST

জনীয়া 25 এপ্ৰিলঃ জনীয়া সমষ্টিৰ মাজমজিয়াৰ কলগাছিয়াত কৃত্ৰিম বানপানী । বলাইপাথাৰৰ পৰা কলগাছিয়া ষ্টেট বেংক লৈ যোৱা পথছোৱাত এজাক বৰষুণ পৰিলেই একাঠু পানী হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আহিছে । বৰষুণ দিলেই দোকান,ব্যৱসায়- বাণিজ্য একেবাৰে বন্ধ হৈ পৰে অঞ্চলটোত ফলত পথটোৰ দুয়ো কাষে থকা দোকানী সকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় ৷

এজাক বৰষুণতে কলগাছিয়াত কৃত্ৰিম বানপানী

ইপিনে একেদৰে জনীয়া সমষ্টিৰ বালিকুৰি বজাৰতো বৰষুণৰ বাবে সৃষ্টি হয় কৃত্ৰিম বানপানীৰ । এজাক বৰষুণত ডুব গৈ নদী সদৃশ হৈ পৰে বালিকুৰিৰ মূল পথচোৱা বালিকুৰি অঞ্চলবাসীয়ে সদৰলৈ অহা-যোৱা কৰাৰ বাবে একমাত্ৰ পথছোৱাত প্ৰতি বছৰেই এজাক সাধাৰণ বৰষুণৰ ফলত ডুবি যোৱাৰ বাবে যন্ত্ৰণাত ভুগিছে স্থানীয় ৰাইজে । পথচোৱাৰ বাবে খেতিয়কসকলে নিজৰ উৎপাদিত শষ্য বিক্ৰী কৰিবলৈ নিয়াত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে । যাৰ বাবে ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে গড়কাপ্তানী বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢকঃ হাৰিয়ানা প্ৰশাসনে নাকচ কৰিলে ৰাম ৰহিমৰ পেৰল আৱেদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.