জনীয়া, 25 ছেপ্তেম্বৰ : কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কৃত্ৰিম বান ৷ উপযুক্ত নলাৰ অভাৱত কৃত্ৰিম বানত নৰক যন্ত্ৰণা ভোগ কৰিবলগা হৈছে ৰোগীয়ে ৷ ইয়াৰোপৰি, বিপদজনক হৈ পৰিছে হাস্পতালৰ ট্ৰেন্সফৰ্মাৰ ৷
উল্লেখ্য যে, দৈনিক হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসা সেৱাৰ বাবে অহা কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়খন কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু, ইয়াৰ পাচতো কোনো ধৰণৰ নলা নিৰ্মাণ নকৰাৰ ফলত এইদৰেই এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বান । ফলত ৰোগীসকল অহা-যোৱা কৰাত চৰম অসুবিধাৰ সন্মুখীন হৈছে । যিকোনো মুহূৰ্তত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ পৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ।
আনহাতে, একাংশই কৃত্ৰিম বানৰ সুবিধা লৈ সেই পানীতে কাপোৰ ধোৱাও পৰিলক্ষিত হৈছে ৷ শীঘ্ৰে উপযুক্ত নলা নিৰ্মাণ কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম