ETV Bharat / state

আবুল কালাম হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাইদুল ইছলামক গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ চালাবিলা 5 নং খণ্ডৰ বদি বাজাৰৰ এখন ধাননি পথাৰৰ পৰা ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গতাই দিয়ে অভিযুক্ত ছাইদুল ইছলামক ৷

author img

By

Published : Oct 16, 2020, 10:49 PM IST

Another accused of Abul Kalam's murder case arrested
আবুল কালাম হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাইদুল ইছলামক গ্ৰেপ্তাৰ

জনীয়া, 16 অক্টোবৰ: কলগাছিয়াৰ সুতিৰপাথাৰত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ লগত জড়িত অন্যতম অভিযুক্ত ছাইদুল ইছলামক গ্ৰেপ্তাৰ ৷ শুকুৰবাৰে ৰাইজে খেদি খেদি এডৰা ধাননি খেতিৰ পৰা আটক কৰে ছাইদুলক ৷ বঙাইগাঁও জিলাৰ চালাবিলা 5 নং খণ্ডৰ বদি বাজাৰৰ এখন ধাননি পথাৰৰ পৰা ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গতাই দিয়ে অভিযুক্ত ছাইদুল ইছলামক ৷ ইফালে বৰ্তমানেও পলাতক অভিযুক্ত আনোৱাৰ হুছেইন আৰু আমজাদ আলী ৷

উল্লেখ্য যে, যোৱা 9 অক্টোবৰ তাৰিখে কলগাছিয়াৰ সুতিৰপাথাৰ বেকী নৈত, লাংলা গাওঁৰ আবুল কালাম আজাদৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হৈছিল ৷ মৃতদেহ চিনাক্ত হোৱাৰ পিছতেই পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত একে গাঁৱৰে মোখলেচুৰ ৰহমান চৌধুৰী, আৰু ইজ্জত আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ কালি পুনৰ বেকী নৈৰ পৰা আবুল কালাম আজাদৰ মটৰ চাইকেল উদ্ধাৰ হোৱাৰ পিছত আজি ৰাইজে আটক কৰে আবুল কালাম আজাদ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাইদুল ইছলামক ৷ উল্লেখ্য যে, আবুল কালাম আজাদ যোৱা 24 ছেপ্টেম্বৰত সৰভোগ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল আৰু 9 অক্টোবৰত বেকী নৈৰ পৰা উদ্ধাৰ হৈছিল অৰ্ধগলিত মৃতদেহ ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি দীৰ্ঘ দিনৰে পৰা আবুল কালাম আজাদ আৰু ইজ্জত আলীৰ সৈতে মাটি সংক্ৰান্তীয় বিবাদ চলি আছিল ৷ এই বিবাদৰ বাবেই আবুল কালাম আজাদক হত্যা কৰা হৈছে বুলি পৰিয়ালৰ লোকে দাবী কৰাৰ লগতে হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ শ্বহীদ দিৱসৰ দিনাই "শ্বহীদ স্মাৰক" নিৰ্মাণৰ শুভাৰম্ভ কৰিব সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.