ETV Bharat / state

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান কৰিলে পৰিয়ালবৰ্গই

বৰপেটা মেডিকেল কলেজ হাস্পতালত পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান ৷ পৰিয়ালৰলোকে মৃতদেহ অৰ্পন কৰিলে মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহদান অতিকৈ জৰুৰী আখ্যা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ শৰীৰতত্ব বিভাগৰ মুৰব্বী অধ্যাপিক ডা: জয়শ্ৰী দেৱীৰ ৷

author img

By

Published : Apr 24, 2019, 7:32 PM IST

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান

বৰপেটা, 24 এপ্ৰিল : হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ-মাতৃৰ মৃত্যুৰ পাচত পুত্ৰ তথা আত্মীয়স্বজনে ধৰ্মীয় বিধি আৰু পৰম্পৰা অনুসৰি সৎকাৰ কৰে মৃতদেহ ৷ পিছে বৰপেটাৰ পাঠশালাৰ এগৰাকী মাতৃৰ মৃত্যুৰ পাচত পুত্ৰ-বোৱাৰী আৰু আত্মীয় স্বজনে মাতৃৰ শেষ ইচ্ছা অনুসৰি মৃতদেহ অৰ্পন কৰিলে বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ বৰপেটা জিলাৰ পাঠশালাৰ লক্ষ্মী দেৱী নামৰ প্ৰগতিশীল মহিলাগৰাকীয়ে 2017বৰ্ষত মৰণোত্তৰভাৱে নিজৰ দেহটো ইচ্ছাপত্ৰযোগে দান কৰিছিল বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষক ৷ চি পি আই(এম)ৰ প্ৰগতিশীল আদৰ্শবাদী চিন্তাৰে দীক্ষিত লক্ষ্মী দেৱীয়ে মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ মহিলাগৰাকীৰ মৃত্যুৰ পাচত তেওঁৰ শেষ ইচ্ছা অনুযায়ীয়েই বুধবাৰে তেওঁৰ মৃতদেহটো বৰপেটা মেডিকেল কলেজ হাস্পতাল দান কৰে পৰিয়ালবৰ্গই ৷ মৃতদেহটো দান কৰাৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীৰ লগতে মহিলাগৰাকীৰ পুত্ৰ বোৱাৰী, আত্মীয় স্বজনৰ লগতে আৰু চিপিআই এমৰ একাংশ নেতা কৰ্মী উপস্থিত থাকে ৷

পাঠশালাৰ মহিলাৰ মৰণোত্তৰ দেহদান

মৃত্যুৰ আগমুহূৰ্তলৈকে বজালী অঞ্চলত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা মহিলাগৰাকী জড়িত আছিল অঞ্চলটোৰ প্ৰায়বোৰ অনুষ্ঠানৰ সৈতে ৷ ইপিনে মৃতদেহ গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ শৰীৰতত্ব বিভাগৰ মুৰব্বী অধ্যাপিক ডা: জয়শ্ৰী দেৱীয়ে কয় যে, চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহদান অতিকৈ জৰুৰী ৷ লক্ষী দেৱীয়ে যিদৰে দেহ দান কৰিলে তাৰ প্ৰতি অনুপ্ৰাণিত হৈ অইন ব্যক্তিয়েও দেনদান কৰিব বুলি আশা ব্যক্ত কৰে মুৰব্বী অধ্যাপিকগৰাকীয়ে ৷

Intro:Body:

Slug:      A_BAR_24APR_803TO806_BARPETA_BODY_DONATED_AFTER_DEATH_VIS+BITE+PHOTO_BAPKAN_DAS                        

বৰপেটা মেডিকেল কলেজ হস্পিটালত পাঠশালাৰ মহিলাৰ  মৰণোত্তৰ দেহ দানঃ 

পৰিয়ালৰ লোকে মৃতদেহ অৰ্পন কৰিলে মেডিকেল কলেজ হস্পিটাল কতৃপক্ষক ৷  

বৰপেটা, ২৪ এপ্ৰিলঃ হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি পিতৃ মাতৃৰ মৃত্যুৰ পিচত পুত্ৰ তথা আত্মীয়স্বজনে ধৰ্মীয় বিধি আৰু পৰম্পৰাৰে মৃতদেহ সৎকাৰ কৰে ৷ পিছে বৰপেটাৰ পাঠশালাৰ এগৰাকী মাতৃৰ মৃত্যুৰ পিচত পুত্ৰ-বোৱাৰী আৰু আত্মীয় স্বজনে মাতৃৰ শেষ ইচ্ছা অনুসৰি মৃতদেটো অৰ্পন কৰিলে বৰপেটা মেডিকেল কলেজ হস্পিটাল কতৃপক্ষক ৷ 

বৰপেটা জিলাৰ পাঠশালাৰ লক্ষ্মী দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিচত তেওৰ মৃতদেহটো আজি পৰিয়ালে অৰ্পন কৰে বৰপেটা মেডিকেল কলেজ হস্পিটাল কতৃপক্ষক ৷ লক্ষী দেৱী নামৰ প্ৰগতিশীল মহিলা গৰাকীয়ে ২০১৭ বৰ্ষত মৰনেত্তৰভাৱে নিজৰ দেহটো ইচ্ছাপত্ৰযোগে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দান কৰি থৈ গৈছিল ৷ চি পি আই(এম)ৰ প্ৰগতিশীল আদৰ্শবাদী চিন্তাৰে দীক্ষিত লক্ষী দেৱীয়ে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিচত তেওৰ শেষ ইচ্ছা অনুযায়ী আজি মৃতদেহটো বৰপেটা মেডিকেল কলেজ হস্পিটালত দান কৰা হয় ৷ মৃতদেহটো দান কৰাৰ সময়ত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীৰ লগতে মহিলাগৰাকীৰ জ্যেষ্ঠ পুত্ৰ বোৱাৰীৰ লগতে দুগৰাকী কন্যা, আত্মীয় স্বজন আৰু চিপিআই এমৰ একাংশ নেতাকৰ্মী উপস্থিত থাকে ৷ মৃত্যুৰ আগমুহূৰ্তলৈকে বজালী অঞ্চলত অন্ধ বিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে কাম-কাজ সজাগ ভূমিকা গ্ৰহন কপা মহিলাগৰাকী অঞ্চলটোৰ প্ৰায়বোৰ অনুষ্ঠানৰ সৈতে জড়িত আছিল ৷  মৃতদেহতো গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ এনাট'মী বিভাগৰ মুৰব্বী অধ্যাপক ডা: জয়শ্ৰী দেৱীয়ে কয় যে, চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ বাবে দেহ দান অতিকৈ জৰুৰী ৷ লক্ষী দেৱীয়ে যিদৰে দেহ দান কৰিলে তাৰ প্ৰতি অনুপ্ৰাণিত হৈ অইন ব্যক্তিয়েও দেন দান কৰিব বুলি ডাঃ জয়শ্ৰী দেৱীয়ে আশা ব্যক্ত কৰে ৷

বাইটঃ পুত্ৰ ৷

বাইটঃ এনাট'মী বিভাগৰ মুৰব্বী অধ্যাপক ডা: জয়শ্ৰী দেৱী ৷

বাপকন দাস, বৰপেটা

ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.