ETV Bharat / state

মূল্যবৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে কোনে ?

অভাৱনীয় হাৰত দৈনিক বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যৱশ্যকীয় সামগীৰ (Price Rise in Assam)৷ ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷ কিন্তু ইয়াৰ মাজতে মূল্যবৃদ্ধিৰ বাবে এজন অখ্যাত লোকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি আৰু পঞ্চাছ বছৰ চৰকাৰ চলাই থকাৰ আশা কৰিছে ৷

author img

By

Published : Apr 13, 2022, 8:04 PM IST

Price Rise in Assam
মূল্যবৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ এজন লোকৰ

বৰপেটাৰোড, 12 এপ্ৰিল: ৰাজ্যত মূল্যবৃদ্ধি হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে এজন লোকে ৷ পেট্ৰ’ল ১০০০ টকা, মিঠাতেল ৫০০ টকা হ’লেও আমাৰ কোনো কথা নাই বুলি ক’লে লোকজনে ৷ পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক দাম বৃদ্ধিৰ পাছতো গাড়ীৰ ভাড়া বৃদ্ধি কৰিলে পৰিবহন মন্ত্ৰীয়ে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ হুংকাৰ দিয়াৰ প্ৰসংগতো মন্তব্য দিয়ে বৰপেটাৰোডৰ লোকজনে ৷

২০১৯ চনৰ পৰা গাড়ীৰ গৰাকীয়ে তেওঁলোকৰ গাড়ীৰ বাবদ বেংকৰ কিস্তি পৰিশোধ কৰাত অসুবিধা হৈছে, তাৰোপৰি গাড়ীৰ বীমা কৰাৰ কথা থাকে ৷ গাড়ীৰ মালিকসকলে আত্মহত্যা কৰাৰ বাহিৰে বেলেগ উপায় নাথাকিব বুলি মন্তব্য কৰে লোকজনে ৷ ৰাজ্যত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰাইজ দিশহাৰা হৈ নাজল-নাথল অৱস্থা হৈছে ৷

ইপিনে বিভিন্ন দল-সংগঠনে বিজেপিৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাজপথত ধৰ্ণা-আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে যদিও প্ৰতিটো নিৰ্বাচনতেই পদুম ফুলতেই ভোট দিয়ে বুলিও দামবৃদ্ধিত ক্ষোভিত হৈ পৰা লোকজনে মন্তব্য কৰে ৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা (Russia Ukrain war impact in Assam)বুলি শেহতীয়াকৈ শাসকীয় দলৰ বহু প্ৰভাৱশালী ব্যক্তিয়ে মন্তব্য কৰাৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি তেওঁ প্ৰশ্ন কৰে যে, দিল্লীত পেট্ৰ’ল-ডিজেলৰ দাম কিয় বৃদ্ধি পোৱা নাই ?

বিপৰীতে দিল্লীত বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰি থকা হৈছে, বাছৰ ভাড়া বিনামূলীয়া কৰা হৈছে আৰু অসমত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে (Price Rise in Assam) বিদ্যুতৰ বিল বৃদ্ধি কৰিছে৷ ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ উন্নতি হ’ব বুলিও তাচ্ছিল্য কৰি কয় যে, অসমত যিমান ড্ৰাইভাৰ-হেণ্ডিমেন আছে সকলোৱেই বিজেপিক ভোট দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মাই আৰু পঞ্চাছ বছৰ চৰকাৰ চলাই থাকক ৷

লগতে পঢ়ক: এইবাৰ বজাৰৰ মাজত বিহুগীত জুৰিলে বিধায়ক ৰূপজ্যোতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.