ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এম্বুলেঞ্চ চালকে - মৰণোত্তৰ পৰীক্ষা

গুৱাহাটীত এগৰাকী ৰোগীক থৈ নিশা ঘৰলৈ আহিছিল ভৱানন্দ পাঠক ৷ গুৱাহাটীৰ পৰা উভতি আহি ঘৰ পাবলৈ প্ৰায় 500 মিটাৰ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ চালকজন মৃত্যু মুখত পৰে ৷ এখন পাচলি ভৰ্ত্তি বাহনে এম্বুলেঞ্চখনক তীব্ৰ বেগত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এম্বুলেঞ্চ চালকগৰাকীৰ মৃত্যুত বৃহস্পতিবাৰে এম্বুলেঞ্চ চালক সন্থাই দিনৰ ২ বজালৈ এম্বুলেঞ্চ সেৱা বন্ধ ৰাখিছে ৷

accident ambulance driver dead
accident ambulance driver dead
author img

By

Published : Oct 29, 2020, 5:09 PM IST

বৰপেটা, ২৯ অক্টোবৰ : বৰপেটা চহৰত বুধবাৰে নিশা সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এগৰাকী এম্বুলেঞ্চ চালকে প্ৰাণ হেৰুৱায় ৷ এখন তীব্ৰবেগী পাচলি ভৰ্তি বাহনে এম্বুলেঞ্চখনত খুন্দা মৰাৰ ফলত বৰপেটাৰ ৰংপুৰহাটীৰ ভৱানন্দ পাঠক নামৰ এম্বুলেঞ্চ চালকজন নিহত হয় ৷ বৰপেটা চহৰৰ পুৰণি হাস্পতালৰ সন্মুখত মাজ নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷

জানিব পৰামতে গুৱাহাটীত এগৰাকী ৰোগীক থৈ নিশা ঘৰলৈ আহিছিল ভৱানন্দ পাঠক ৷ গুৱাহাটীৰ পৰা উভতি আহি ঘৰ পাবলৈ প্ৰায় 500 মিটাৰ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ চালকজন মৃত্যু মুখত পৰে ৷ বৰপেটা চহৰৰ প্ৰায়বোৰ ৰোগীক অতি আন্তৰিকতাৰে সেৱা আগবঢ়াই অহাৰ লগতে চহৰখনৰ বহু ৰোগীক ৰাজ্যৰ বাহিৰলৈ চিকিৎসা কৰাবলৈ নিয়াৰ ক্ষেত্ৰতো বিশেষ সহায় আগবঢ়াইছিল লোকজনে ৷ বৰপেটা চহৰত এগৰাকী মানৱদৰদী এম্বুলেঞ্চ চালক হিচাপে পৰিচিত ভৱানন্দ পাঠকৰ মৃত্যুত চহৰখনত শোকৰ ছাঁ পৰিছে ৷

শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এম্বুলেঞ্চ চালকে

ভৱানন্দ পাঠক বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক মহানন্দ পাঠকৰ ভাতৃ ৷ এখন পাচলি ভৰ্ত্তি বাহনে এম্বুলেঞ্চখনক তীব্ৰ বেগত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এম্বুলেঞ্চ চালকগৰাকীৰ মৃত্যুত বৃহস্পতিবাৰে এম্বুলেঞ্চ চালক সন্থাই দিনৰ ২ বজালৈ এম্বুলেঞ্চ সেৱা বন্ধ ৰাখিছে ৷ অৱশ্যে অত্যন্ত জৰুৰী ক্ষেত্ৰত এম্বুলেঞ্চ সেৱা মুকলি থাকিব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বৰপেটা মেডিকেল কলেজ হস্পতালত ভবানন্দ পাঠকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাচত দুপৰীয়া তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ ভৱানন্দ পাঠকে মৃত্যুৰ সময়ত পত্নী, দুগৰাকী কন্যা আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমা বিবাদৰ বুজ ল’লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.