ETV Bharat / state

Alligation of scam in mid day meal: মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীৰ অভিযোগ লাল ছাৰৰ বিৰুদ্ধে - প্ৰধান শিক্ষক

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ প্ৰধান শিক্ষকৰ বাবেই দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ অভিযোগ ৷

Allegation of Scam Against Head Master
মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:52 PM IST

প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

জনিয়া, 20 ছেপ্টেম্বৰ : এগৰাকী প্ৰধান শিক্ষকৰ বাবেই দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে এইগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷

এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ এই বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মামুদৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযোগ অনুসৰি প্ৰধান শিক্ষক লাল মামুদৰ ভুলৰ বাবেই দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷

তদুপৰি মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষক গৰাকীয়ে বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷ ইফালে এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাত প্ৰধান শিক্ষক লাল মামুদে পৰিচালনা সমিতিৰ লগত দুৰ্ব্যবহাৰ কৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিক বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷

এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন মহলক বিদ্যালয় পৰিচালনা সমিতিয়ে লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে পৰিচালনা সমিতিয়ে ৷

এই ক্ষেত্ৰত প্ৰধান শিক্ষক গৰাকীক মধ্যাহ্ন ভোজন, ইউনিফৰ্ম আৰু আন্তঃ গাঁথনি সম্পৰ্কে জানিব বিচৰাত প্ৰধান শিক্ষক গৰাকীয়ে চালে-বেৰে কোবাই উত্তৰ দিয়াৰ লগতে বিষয়টোৰ পৰা ফালৰি কাটে ৷ এই ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা সকলো সা-সুবিধা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাজেদুল ইছলাম আৰু সদস্য সকলে ৷ ইফালে ছাত্ৰ-ছাত্ৰীক বিগত দুমাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ লগতে ইউনিফৰ্মৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : Udmari Gaon Panchayat : উদমাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী-সচিবৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.