ETV Bharat / state

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ

author img

By

Published : May 20, 2021, 7:56 PM IST

বৰপেটা অসামৰিক চিকিৎসালয়ক ক’ভিড কেয়াৰ চিকিৎসালয়ত ন্যূনতম সা-সুবিধা নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

Kalgachia Civil Hospital
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ

জনীয়া, 20 মে’ : বৰপেটা অসামৰিক চিকিৎসালয়ক ক’ভিড কেয়াৰ চিকিৎসালয় হিচাপে ঘোষণা কৰা হৈছে যদিও চিকিৎসালয়ত ন্যূনতম সা-সুবিধা নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ চিকিৎসালয়খনত বিদ্যুতৰ সমস্যাৰ বাবে অক্সিজেন নিয়মিতভাৱে যোগান ধৰাত অসুবিধাৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও অক্সিজেন যোগানৰ লগত জড়িত বিভিন্ন সা-সামগ্ৰী নথকা বুলিও জানিব পৰা গৈছে । ইয়াৰ উপৰিও চিকিৎসালয়খনত আইচিইও, মেডিচিনৰ চিকিৎসকৰ লগতে এনাস্থেচিয়া চিকিৎসকৰ কথাও অৱগত কৰে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ছামছুল আলমে ।

১৭ মে’ৰ নিশা নবাব খন্দকাৰ নামৰ এজন ৰোগীক চিকিৎসাৰ বাবে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল । ৰোগীজনক তাৎক্ষণিক চিকিৎসাৰ বাবে অক্সিজেন দিয়া হৈছিল ৷ কিন্তু চিকিৎসালয়খনত অক্সিজেন মাস্কৰ অভাৱত কেঁচুৱাৰ বাবে ব্যৱহাৰ কৰা মাস্কৰে দিয়া হৈছিল অক্সিজেন ।

জানিব পৰা মতে, পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালি লয় নবাব খন্দকাৰ নামৰ ব্যক্তিজনে । কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ তাৎক্ষণিক চিকিৎসাৰ বাবে পৰ্যাপ্ত সা-সামগ্ৰী নথকাত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰিছে একাংশ ৰাইজে ৷

লগতে পঢ়ক : মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.