ETV Bharat / state

বৰপেটাত মটৰ পৰিৱহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধৰ প্ৰভাৱ

author img

By

Published : Oct 5, 2020, 10:40 AM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো বন্ধ হৈ পৰিছে সকলো যাত্ৰীবাহী যান বাহনৰ চলাচল ৷ আনহাতে, চকাবন্ধৰ সময়ছোৱাত বৰপেটা জিলা পৰিৱহণ বিভাগে পৰিৱহণ বিভাগৰ বাছ চলাচলৰ ব্যৱস্থা হাতত লৈছে যদিও যাত্ৰীৰ অভাৱত লোকচানত চলাই থাকিবলগীয়া হৈছে বাছসমূহ ৷

All Assam Motor Transport Assocition announce bandh
বৰপেটাত মটৰ পৰিৱহন সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধৰ প্ৰভাৱ

বৰপেটা, 5 অক্টোবৰঃ সদৌ অসম মটৰ পৰিৱহণ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যত সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে যাত্ৰীবাহী যান-বাহনৰ চলাচল ৷ যানবাহন আইন অনুসৰি ৩০ দিনতকৈ অধিক দিন যান-বাহনৰ চলাচল বন্ধ থাকিলে পথ কৰ, যাত্ৰী কৰ আদি বিভিন্ন কৰসমূহ ৰেহাই দিব লাগে ৷ কিন্তু ২৫ মাৰ্চৰ পৰা ১৬ আগষ্টলৈকে চৰকাৰে ক’ভিড প্ৰটকল অনুসৰি সকলোবোৰ যান-বাহনৰ চলাচল বন্ধ ৰখাৰ পিচতো চৰকাৰে পথ কৰ, যাত্ৰী কৰ আদি ৰেহাই দিয়া নাই ৷ ইপিনে ক'ভিড প্ৰটকল অনুসৰি যান-বাহন সমূহে ৫০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰে যদিও তেওলোকে ১০০ শতাংশই কৰ পৰিশোধ কৰিব লাগিব ৷ চৰকাৰৰ এইসমূহ সিদ্ধান্তৰ বিৰুদ্ধে এই চকাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে মটৰ পৰিৱহণ সন্থাই ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো বন্ধ হৈ পৰিছে সকলো যাত্ৰীবাহী যান বাহনৰ চলাচল ৷ আনহাতে, চকাবন্ধৰ সময়ছোৱাত বৰপেটা জিলা পৰিৱহণ বিভাগে পৰিৱহণ বিভাগৰ বাছ চলাচলৰ ব্যৱস্থা হাতত লৈছে যদিও যাত্ৰীৰ অভাৱত বাছসমূহ লোকচানত চলাই থাকিবলগীয়া হৈছে বুলি পৰিৱহণ বিভাগৰ কৰ্মচাৰীয়ে প্ৰকাশ কৰে ৷ আনকি যাত্ৰীৰ অভাৱৰ বাবেই বাছ চলাচলৰ সময় পিছুৱাই দিব লগা হৈছে বুলিও প্ৰকাশ কৰে পৰিৱহণ বিভাগৰ কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক-গুৱাহাটী উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.