বৰপেটা,৮ মাৰ্চঃ সৎ চিন্তা, সৰল জীৱন-যাপনেৰে সমাজ আৰু দহৰ মংগল সাধনাত জীৱন উছৰ্গিত কৰি অহা অক্ষয় কুমাৰ মিশ্ৰৰ প্ৰতি বৰপেটাবাসীৰ শ্ৰদ্ধা, সন্মান আৰু ভালপোৱা অসীম ৷ ঋষিসদৃশ ব্যক্তিত্বৰ অধিকাৰী সাহিত্যিকগৰাকীৰ জন্মদিনৰ প্ৰাকসন্ধ্যা বৰপেটা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা ৷ সভাত অক্ষয় কুমাৰ মিশ্ৰৰ এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয় ৷ শুভজ্যোতি দাসৰ সম্পাদনাত প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, লেখক ৰবেন্দ্ৰ কুমাৰ দাস, ডাঃ মাখনলাল দাস আদি বিশিষ্ট ব্যক্তিসকলে ৷ প্ৰায় ডেৰ শতাধিক সাহিত্যিক, লেখক, বুদ্ধিজীৱী, ছাত্ৰ আৰু অনুৰাগীয়ে ব্যক্তিগৰাকীৰ সান্নিধ্য আৰু জীৱন সম্পৰ্কীয় লেখনিৰে চাৰিশ পৃষ্ঠাজোৰা অভিনন্দন গ্ৰন্থখন প্ৰকাশৰ জৰিয়তে মিশ্ৰক ৰাজহুৱাভাৱে জন্মদিনৰ অভিনন্দন জনায় ৷
বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহসদৃশ মেধা, প্ৰজ্ঞা আৰু জ্ঞান-সাধনাৰ তপস্বীগৰাকীক একাধিক দল-সংগঠন-অনুষ্ঠানে জন্মদিনৰ আগতীয়া শুভেচ্ছা জনায় ৷ উল্লেখ্য যে, আজিৰ পৰা বৰপেটা সত্ৰত আৰম্ভ হোৱা দৌল মহোৎসৱৰ বাবে এদিন পূৰ্বে এইদৰে বৰপেটাবাসীয়ে সাহিত্যিকগৰাকীক জন্মদিনৰ অভিনন্দন জ্ঞাপন কৰে ৷ ৭৫বছৰীয়া জন্মদিন উপলক্ষে এনেদৰে ৰাজহুৱা অভিনন্দন গ্ৰহণ কৰি অতিশয় আনন্দিত বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিক অক্ষয় মিশ্ৰদেৱে ৷
লগতে চাওকঃকৰ'ণা ভাইৰাছক লৈ সষ্টম আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ