জনীয়া, 25 জানুৱাৰী : সমাগত 2021 চনৰ নিৰ্বাচন ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক তথা অ-ৰাজনৈতিক দল সংগঠন সমূহৰ মাজতো আৰম্ভ হৈছে ব্যাপক তৎপৰতা ৷ সোমবাৰে জনীয়াৰ মহম্মদপুৰস্থিত ছানফ্লাৱাৰ একাডেমিত অসম জাতীয় পৰিষদে এক ৰাজনৈতিক সভা অনুষ্ঠিত কৰে ৷ এই সভাত জনীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ সভাপতি তাৰেক হুছেইনে সভাপতিত্বত কৰে ৷ এই সভাতে জনীয়া সমষ্টি যুৱ শক্তি কমিটি গঠন কৰা হয় ।
জনীয়া সমষ্টি যুৱ শক্তি সমিতিৰ সভাপতি-সম্পাদক দ্বয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈৰ স্পষ্টবাদীতা,ধৰ্ম নিৰপেক্ষতা আৰু যুৱ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি আকৃষ্ট হৈছে ৷ অসম জাতীয় পৰিষদত থাকি সমাজ সেৱা কৰাৰ মানসিকতাৰে অসম জাতীয় পৰিষদত যোগদান কৰা বুলি মন্তব্য কৰে জনীয়া সমষ্টি যুৱ শক্তি সমিতিৰ সভাপতি-সম্পাদক দ্বয়ে ৷
জনীয়াৰ এই সভাত অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অধিবক্তা শুকুৰ আলী,বৰপেটা জিলাৰ মুখ্য আহ্বায়ক গৌতম পাঠক,সম্পাদক গুলজাৰ খানৰ লগতে অসম জাতীয় পৰিষদৰ কেইবা গৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷
লগতে পঢ়ক : ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়