বৰপেটা, ৪ আগষ্ট: বৰপেটা সদৰ থানাত বৃহস্পতিবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ(AJP Vice President Dulu Ahmed) ৷ ২৮ জুলাইত সৰুক্ষেত্ৰীৰ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ(Case Registered against AJP Leader Dulu Ahmed) ৷ বিশেষকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং(Cross voting in presidential election) কৰা বুলি অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমত মুকলিকৈ অভিযোগ উত্থাপন কৰিছিল ৷
ইয়াৰ পিচতেই দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল বিধায়ক জাকিৰে হুছেইন শিকদাৰে(Congress MLA Jakir Hussain Sikdar) ৷ ইপিনে বৰপেটা সদৰ থানাত উপস্থিত হৈ আজি পুনৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে দুলু আহমেদ ৷ জাকিৰ হুছেইন শিকদাৰে ২০১৬ চনত কংগ্ৰেছৰ কোনো মন্ত্ৰীক ব্লেকমেইলিং কৰি দলীয় টিকট লাভ কৰা আৰু বিচিত্ৰ চৌধুৰীৰ দৰে কংগ্ৰেছী নেতাৰ টিকট বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ কৰে দুলু আহমেদে ৷
আনহাতে সংবাদ মাধ্যমত বিজেপিক ভোট দিয়া বুলি জাকিৰ হুছেইন শিকদাৰ আৰু কেইবাজনো কংগ্ৰেছ বিধায়কৰ নাম ফাদিল হৈছে যদিও এইক্ষেত্ৰত মাত মতাৰ সলনি অকল দুলু আহমেদৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰা বুলি ক্ষোভ দুলু আহমেদৰ ৷ জাকিৰ হুছেইন শিকদাৰক অলগদ্ধ, গৰু, গাধ বুলি অভিহিত কৰি বিজেপিৰ এজেন্ট ধুৰন্ধৰ জাকিৰ হুছেইনৰ দৰে বিধায়কক ভয় নকৰে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ উপ সভাপতিগৰাকীয়ে ৷
লগতে পঢ়ক : Assam State Disaster Management Plan 2022 Draft: ৰাইজৰ পৰামৰ্শৰ বাবে মুকলি খচৰা