ETV Bharat / state

AJP Ek Asom Yatra :বিজেপিত থাকিলে ৫৬ বছৰতো চাকৰি লাভ কৰিব পাৰি : লুৰিণজ্যোতি

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:52 PM IST

এক অসম যাত্ৰাৰ ৪ৰ্থ দিন ৷ বৰপেটাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিজেপিত থাকিলে নাইবা জালুকবাৰী সমষ্টিত জন্মগ্ৰহণ কৰিলে ৫৬ বছৰতো চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীক কটাক্ষ অজাপৰ সভাপতিগৰাকীৰ ৷ লগতে মন্ত্রীৰ পত্নী বা পুত্র হ'লে চিলিং আইন উলংঘা কৰিও মাটি ক্ৰয় কৰিব পাৰিব বুলি মন্তব্য কৰে গগৈয়ে ৷

AJP Ek Asom Yatra
এক অসম যাত্ৰাৰ ৪ৰ্থ দিন

এক অসম যাত্ৰাৰ ৪ৰ্থ দিন

বৰপেটা, ২৪ ছেপ্টেম্বৰ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ধুবুৰীৰ পৰা আৰম্ভ হোৱা 'এক অসম যাত্ৰা' দেওবাৰে উপস্থিত হয় বৰপেটাত ৷ বৰপেটাত উপস্থিত হৈ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিত থাকিলে নাইবা জালুকবাৰী সমষ্টিত জন্মগ্ৰহণ কৰিলে ৫৬ বছৰতো চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে ৷ বিজনীৰ পৰা বৰপেটাৰ হাউলীত উপস্থিত হৈ এক অসম যাত্রাৰ নেতৃত্ব বহন কৰা লুৰিণজ্যেতি গগৈয়ে বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

চাকৰিৰ ক্ষেত্রত মেধা হ’লেই নহ'ব, প্ৰথম বিজেপিৰ চাৰ্টিফিকেট লাগিব বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ জালুকবাৰী সমষ্টিত জন্ম গ্ৰহণ কৰিলে ৫৬ বছৰতো চাকৰি লাভ কৰিব বুলিও মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে মন্ত্রীৰ পত্নী বা পুত্র হ'লে চিলিং আইন উলংঘা কৰি ৫০ বিঘাতকৈ অধিক মাটি ক্ৰয় কৰিব পাৰিব ।

হাউলীত পদযাত্ৰাত অংশগ্ৰহণ কৰা লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী সময়ত ভেল্লাত উপস্থিত হয় ৷ ভেল্লাত খন্দকাৰপাৰা হজৰত আওলীয়া শ্বাহনুৰ শ্বাহৰ দৰগাহ প্ৰাঙ্গনত প্ৰাৰ্থনা কৰে ৷ ভেল্লাত পদযাত্ৰাত অংশ লৈ লুৰিণজ্যোতি গগৈয়ে পাটবাউসী সত্ৰত আশীষ লয় ৷ ইপিনে, বৰপেটা চহৰত উপস্থিত হৈ অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বৰপেটাৰ পৰা সুন্দৰীদিয়া সত্ৰলৈ পদযাত্ৰাত ভাগ লয় ৷ জগদীশ ভূঞা, জীয়াউৰ ৰহমান আদিৰ লগতে দলটোৰ কেইবাগৰাকী নেতাক কাষত লৈ বহু দলীয় সদস্য, শুভাকাংক্ষীৰ সৈতে পদযাত্ৰাত ভাগ লয় লুৰিণজ্যোতি গগৈয়ে ।

তেওঁ ৰাজ্যত চলি থকা মূল্যবৃদ্ধি, খাজনা বৃদ্ধি, ঔষধৰ দামবৃদ্ধিয়ে ৰাইজৰ জীৱন যাত্ৰা দূৰ্বিষহ কৰি তোলা বুলিও মন্তব্য কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বিতৰ্ক সম্পৰ্কেও মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে পূৰ্বেও অভিযোগ-প্ৰত্যাভিযোগ আহিছিল । ছাত্ৰ সন্থাই সংবিধান মতে চলে বুলি তেওঁ কয় ৷ বৰপেটা চহৰৰ পৰা গৈ লুৰিণজ্যোতি গগৈয়ে সুন্দৰীদিয়া সত্ৰত আশীৰ্বাদ গ্ৰহণৰ পিচতে কয়াকুছি অভিমুখে যাত্ৰা আৰম্ভ কৰে । পিচত কয়াকুছি বজাৰত পদযাত্ৰাত ভাগ লয় ৷

লগতে পঢ়ক:Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিবেশনৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.