জনিয়া,31 জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ সাংসদ আব্দুল খালেকে অসম জাতীয় পৰিষদক সহায় কৰিব ৷ দেওবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত ঘুগুবাৰীত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ বুথ কৰ্মী সভাত এই মন্তব্য কৰে দলটোৰ উপ-সভাপতি দলু আহমেদে ৷ বিজেপি আৰু এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলৰো কোনো অস্তিত্ব নাই বুলি কয় এজেপিৰ উপ-সভাপতি গৰাকীয়ে ৷
তেখেতে আৰু কয় যে, কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে কেৱল কম্পিউটাৰতহে কংগ্ৰেছ দলটো পৰিচালিত কৰি আহিছিল ৷ যাৰ বাবে দলটো কেন্দ্ৰীয় পৰ্যায়তে সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে ৷ ইয়াৰ উপৰিও বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে বৰপেটাত কেতিয়াও কংগ্ৰেছ বা ইউ ডি এফৰ প্ৰাৰ্থীক জিকিবলৈ নিদিয়ে বুলি মন্তব্য দুলু আহমেদৰ । যাৰ কাৰণে অসম জাতীয় পৰিষদৰ লাভান্বিত হ'ব আৰু বিপুল ভোটৰ ব্যৱধানত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব বুলি দাবী কৰে এজেপিৰ উপ-সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক-বিজেপিৰ লক্ষ্য 100+, আমাৰ লক্ষ্য 101+ : প্ৰদ্যুৎ বৰদলৈ