ETV Bharat / state

বৰপেটাত AIUDF ৰ নেতা-কৰ্মীৰ মৌন প্ৰতিবাদী সমদল - Memorandum to Governor

বৰপেটাত মুখত ক'লা কাপোৰ বান্ধি এ আই ইউ ডি এফৰ নেতা-কৰ্মীৰ মৌন প্ৰতিবাদী সমদল । দৰঙৰ গৰুখুঁটি কাণ্ডক লৈ ক্ষোভ উজাৰিলে দলটোৱে । লগতে বৰপেটাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলে এ আই ইউ ডি এফৰ নেতা-কৰ্মীসকলে ।

AIUDF protest against Gorukhuti incident
বৰপেটাত AIUDF ৰ কৰ্মীৰ মৌন প্ৰতিবাদী সমদল
author img

By

Published : Sep 25, 2021, 5:24 PM IST

বৰপেটা, ২৫ ছেপ্টেম্বৰ: দৰঙৰ গৰুখুঁটিত উচ্ছেদ অভিযানক অগণতান্ত্ৰিক, অমানৱীয় আখ্যা দি শনিবাৰে ৰাজ্যজুৰি এ আই ইউ ডি এফে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপেটাতো দলটোৰ জিলা সমিতিয়ে মৌন সমদল উলিয়ায় । মুখত ক'লা কাপোৰ বান্ধি সমদলত অংশ লয় দলীয় কৰ্মকৰ্তাই । গৰুখুঁটিত উচ্ছেদৰ নামত আৰক্ষীয়ে চলোৱা অমানৱীয় নিৰ্যাতনৰ চলোৱাৰ অভিযোগ তুলি দলীয় কৰ্মকৰ্তাসকলে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিয়ায় ।

উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে দলটোৱে । গৰুখুঁটি কাণ্ডক দলটোৱে গৰিহণা দিয়ে । এই ঘটনাৰ তদন্তৰ দাবী কৰাৰ লগতে মৃতকৰ পৰিয়াল আৰু আহত লোকসকলক ক্ষতিপুৰণ আদায় দিয়া দাবী জনায় । দলটোৱে ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰো দাবী তোলে ৷

উল্লেখ্য যে, দৰঙৰ ছিপাঝাৰৰ গৰুখুঁটিত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সময় বেদখলকাৰীৰে সংঘৰ্ষ হয় । পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে, উচ্ছেদিতই প্ৰাণ হেৰুৱাবলগীয়া হয় । ইয়াৰ পিছতে প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে সংখ্যালঘু ছাত্ৰ সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দল ।

লগতে পঢ়ক:অক্টোৱৰ মাহত 21 দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.