ETV Bharat / state

মুখ্য়মন্ত্ৰীক মিজোৰামৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণৰ আহ্বান এ আই ইউ ডি এফৰ

author img

By

Published : Jul 30, 2021, 8:18 AM IST

এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে বৃহস্পতিবাৰে শ্বহীদ নাজমূল হকৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ বিধায়ক দুগৰাকীয়ে মুখ্যমন্ত্ৰীক দৃঢ় স্থিতি গ্ৰহণৰ বাবে আহ্বান জনায় ৷

aiudf mla deligate visit swahid jowan house
শ্বহীদ নাজমূল হকৰ গৃহত এ আই ইউ ডি এফৰ বিধায়কৰ দল: মুখ্যমন্ত্ৰীক দৃঢ় স্থিতি গ্ৰহণৰ আহ্বান

বৰপেটা ২৯ জুলাই : মিজোৰাম আৰক্ষীৰ গুলিত নিহত বৰপেটাৰ হাউলী কদমগুৰি গাঁৱৰ শ্বহীদ নাজমূল হকৰ বাসগৃহত বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন উপস্থিত হয় ৷ বিধায়ক দুগৰাকীয়ে শ্বহীদ নাজমূল হকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷ মুখ্যমন্ত্ৰীক স্থিতি গ্ৰহণৰ বাবে আহ্বান জনায় এ আই ইউ ডি এফৰ বিধায়কে ৷

জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে শ্বহীদ নাজমূল হকৰ বাসগৃহৰ পৰা মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, ‘‘আমি আপোনাৰ লগত আছো, সকলো দল সংগঠন আপোনাৰ লগত আছে , অসমৰ ৩ কোটি ৩০ লাখ জনতা আপোনাৰ লগত আছে ৷ কিন্তু আপোনাৰ স্থিতি শক্তিশালী আৰু আত্মসমৰ্পণমূলক হোৱাতো উচিত নহয় ৷ আপুনি শক্তিশালীভাৱে মিজোৰামৰ বিৰুদ্ধে ব্যৱস্থা লওক’’ ৷

বিধায়ক ৰফিকুল ইছলামে লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)ৰ বিগত দুদিনৰ বক্তব্য আত্মসমৰ্পনৰ লেখীয়া হোৱা বুলি উল্লেখ কৰে ৷

আনহাতে মিজো সাংসদ ভেনলালভেনাই অসম আৰু অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰদান কৰা বক্তব্য নিন্দা কৰে বিধায়ক গৰাকীয়ে ৷ সাংসদগৰাকীক গ্ৰেপ্তাৰৰ দাবী কৰে এ আই ইউ ডি এফৰ জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে ৷ তেওঁ লগতে মিজো সাংসদগৰাকীয়ে সংঘাত সৃষ্টিৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে আৰু দিল্লীলৈ যোৱা চি আই ডি (CID)ৰ দল যাতে খালী হাতে উভতি নাহে তাৰো আহ্বান জনায় ৷

তাৰোপৰি, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিও আহ্বান জনায় আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে ৷ ইপিনে শ্বহীদ জোৱানজনৰ পৰিয়ালবৰ্গক সাক্ষাতৰ সময়ত চেঙাৰ এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনেও খেদ প্ৰকাশ কৰে ৷ মেঘালয়, মিজাৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশে অসমৰ প্ৰায় ৭০ হাজাৰ হেক্টৰ ভূমি বেদখল কৰা বুলি উল্লেখ কৰে বিধায়ক জনে ৷ অসম চৰকাৰে এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ নকৰিলে অসমৰ ভেটি হেৰুৱাবলৈ বেছিদিন নালাগিব বুলি মন্তব্য কৰে আশ্ৰাফুল হুছেইনে ৷

বিধায়কগৰাকীয়ে লগতে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অতি আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁলোকক সৈমান কৰিব নোৱাৰাটো একপ্ৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা বুলিও অভিহিত কৰে ৷ বিধায়ক ৰফিকুল ইছলামে শ্বহীদ পৰিয়ালসমূহক ৫০ লাখৰ পৰিৱৰ্তে এক কোটি টকাৰ ক্ষতিপূৰণৰো দাবী জনায় ৷ তেওঁ কদমগুৰি গাঁৱৰ পথৰ উন্নয়ন কৰি গাঁওখনৰ মূলপথতো শ্বহীদ নাজমূল হুছেইনৰ নামত নামাকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক : মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.