ETV Bharat / state

কলগাছিয়াৰ হালধীয়া গাঁও পঞ্চায়তত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী সমদল

author img

By

Published : Oct 7, 2021, 2:21 PM IST

প্ৰশাসনৰ উচ্ছেদ অভিযানক অমানুষিক আখ্যা দি প্ৰতিবাদত নামিল নিখিল ভাৰত কৃষক সভা । বুধবাৰে বৰপেটাৰ কলগাছিয়াৰ হালধীয়া গাঁও পঞ্চায়তত প্ৰতিবাদী সমদল উলিয়ায় সংগঠনটোৱে । লগতে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ চাৰিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

AIKS protest in Kalgachia
কলগাছিয়াৰ হালধীয়া গাঁও পঞ্চায়তত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী সমদল

জনীয়া, ৭ অক্টোবৰ : বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল ভাৰত কৃষক সভাৰ কৰ্মকৰ্তাসকলে । দৰঙৰ গৰুখুঁটিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক চৰকাৰৰ অমানুষিক ব্যৱহাৰ বুলি অভিহিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে । বৰপেটাৰ কলগাছিয়াৰ হালধীয়া গাঁও পঞ্চায়ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে । পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ দৰং জিলাকে ধৰি অসমৰ বিভিন্ন জিলাত বিজেপি চৰকাৰে বেদখলমুক্ত কৰাৰ নামত চলোৱা উচ্ছেদ অভিযানক লৈ সংগঠনটোৱে তীব্ৰ সমালোচনা কৰে ।

লগতে নিৰীহ ব্যক্তিক নিৰ্মমভাৱে হত্যা কৰিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে । সেয়ে, অসম ৰাজ্যিক কৃষক সভাই ৰাজ্যখনৰ বিভিন্ন ঠাইত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰূপসী আঞ্চলিক কৃষক সভাই ইয়াৰ অংশ হিচাপে খৰিচালা বজাৰৰ পৰা সমদল বাহিৰ কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰে সংগঠনৰ কৰ্মকৰ্তাসকলে ।

লগতে হালধীয়া পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ সংশ্লিষ্ট বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । আনহাতে, সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰা দাবী পূৰণ নহ'লে অনাগত দিনত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ ভাবুকি দিয়ে নিখিল ভাৰত কৃষক সভাৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক:পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.