ETV Bharat / state

সৰুক্ষেত্ৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ

বৃহস্পতিবাৰে বৰপেটাৰ সৰুক্ষেত্ৰীত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ কিন্তু প্ৰচাৰৰ প্ৰথম দিনটোতেই খেলি-মেলি লাগিল শিল্পী গৰাকীৰ প্ৰচাৰ ৰেলীত ৷ সমৰ্থকে উলিওৱা ই-ৰিক্সাসমূহ খালী থকা পৰিলক্ষিত হয় ৷

author img

By

Published : Mar 11, 2021, 10:22 PM IST

kalpana patowary
কল্পনা পাটোৱাৰী

বৰপেটা,11 মাৰ্চ: ক্ৰমাৎ গৰম হৈ পৰিছে বৰপেটাৰ সৰুক্ষেত্ৰীৰ ৰাজনৈতিক বতাহ । এইবাৰ সৰুক্ষেত্ৰীত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰিছে সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে । পিছে প্ৰাৰ্থিত্ব লাভ কৰা কল্পনা পাটোৱাৰীৰ বাবে সুখকৰ নহ’ব নেকি নিৰ্বাচন ? কিয়নো প্ৰচাৰৰ প্ৰথম দিনাই উজুটি খাবলগীয়া হ’ল কল্পনা পাটোৱাৰী ।

সৰুক্ষেত্ৰীত যেন ফ্লপ শ্ব’ত পৰিণত হ’ল অগপৰ সমদল । বিজেপি আৰু অগপৰ মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে মনোনীত প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে গুৱাহাটীৰ পৰা মাজদিয়াত উপস্থিত হয় । ইয়াৰ পাচতে সৰুক্ষেত্ৰী সমষ্টিৰ মাজদিয়াৰ পৰা সমৰ্থকে উলিয়াইছিল ই-ৰিক্সাৰে বিশাল নিৰ্বাচনী সমদল ।

মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ নিৰ্বাচনী প্ৰচাৰ

কিন্তু ই-ৰিক্সাত উঠা মানুহৰহে হ’ল অভাৱ । খালী হৈ থাকিল ই-ৰিক্সাসমূহ । এনেদৰে খালী ই-ৰিক্সাৰেই কিছু সমৰ্থকে সমদল উলিয়াই কল্পনা পাটোৱাৰীক পৰিভ্ৰমণ কৰালে সৰুক্ষেত্ৰী সমষ্টিৰ একাংশ অঞ্চল । এই ৰেলীয়ে সৰুক্ষেত্ৰী সমষ্টিত বৰ্তমান আঞ্চলিক দল অগপৰ সাংগঠনিক ভেটি দুৰ্বল বুলিহে প্ৰমাণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.