বৰপেটা,27 মাৰ্চ: বৰপেটা জিলাৰ চেঙাৰ মুছলমানপাৰা গাঁও পঞ্চায়তৰ চেঙা বেচিক বজাৰত শুকুৰবাৰে নিশা মুকলি কৰা হয় অগপৰ মুখ্য কাৰ্যালয় ৷ কাৰ্যালয় মুকলি সভাত অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় ৷
সভাত এআইইউডিএফ-ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক ভণ্ড সাহিত্যিক আখ্যা দিয়ে ৰবিউল হুছেইনে ৷ লগতে তেওঁ কয় যে, অগপই চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তত 90 শতাংশ ভোট লাভ কৰাৰ দাবী কৰিছে ৰবিউল হুছেইনে । অগপৰ সৈতে আন কোনো দলৰ প্ৰতিদ্বন্দ্বিতা নহয় যদিও বৃহৎ ব্যৱধানত কংগ্ৰেছ দ্বিতীয় আৰু এআইইউডিএফ তৃতীয় স্থানত থাকিব বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী গৰাকীয়ে ৷
ইয়াৰোপৰি তেওঁ কয় যে, সমষ্টিৰ সৰ্বাংগীণ উন্নয়নেই তেওঁৰ নিৰ্বাচনী ইছ্যু হ’ব । আনহাতে, বিজেপিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক বসন্ত ঠাকুৰীয়াই মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনেই নিশ্চিতভাৱে জয়ী হ’ব বুলি দাবী কৰে । গৰিয়া উন্নয়ন পৰিষদৰ কাৰ্যকৰী সদস্য ধনী আলীয়ে গৰিয়া জনগোষ্ঠীৰ লোকসকলক বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: লাহোৱালত ইভিএম বিকল, কি ক’লে বিধায়কে ?