ETV Bharat / state

ক্ষতিগ্ৰস্ত পৰিবহন ব্যৱসায়ঃ অভাৱৰ তাড়নাত চালকৰ আত্মহনন

author img

By

Published : Jul 17, 2020, 6:47 PM IST

Updated : Jul 18, 2020, 6:04 PM IST

লক ডাউনৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ব্যক্তিগত খণ্ডৰ পৰিবহন ব্যৱসায় ৷ বৰপেটাৰ প্ৰায় চাৰি শতাধিক লোকে বাছৰ চালক,চেকাৰ আৰু হেণ্ডিমেন হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ পূৰ্বে দিনৰ দিনটো যাত্ৰীবাহী বাছ চলাই পৰিয়াল পোহপাল দিয়া লোকসকল লক ডাউনৰ ফলত প্ৰায় কৰ্মহীন হৈ পৰিছে ৷ দুই এখন বাছ চলাচল কৰি আছে যদিও যাত্ৰীৰ অভাৱত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিবহন ব্যৱসায়ৰ লগত জৰিত লোকসকল ৷

Barpeta
ক্ষতিগ্ৰস্ত পৰিবহন ব্যৱসায়ঃ অভাৱৰ তাড়নাত চালকৰ আত্মহনন

বৰপেটা, ১৭ জুলাইঃ মহামাৰী কৰ'ণা আৰু লক ডাউনে কঢ়িয়াই অনা ভয়াৱহ অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা পুনৰ আত্মহত্যাৰ পথ বাছি লয় জিলাখনৰ কুজিদ' হাটীৰ অমেন দাস নামৰ এজন গাড়ী চালকে ৷ বৰপেটা বাছ আস্থানৰ কাষৰ বাছ মালিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখতে আত্মহত্যা কৰে বাছ চালকজনে ৷বৰপেটাৰ বাছ চালক সন্থাই প্ৰকাশ কৰে মতে,অভাৱৰ তাড়নাত পৰিয়েই আত্মহত্যা কৰিছে বাছ চালকজনে ৷ চহৰখনত এনেদৰে আত্মহননৰ পথ বাছি লোৱা অমেন দাস হৈছে তৃতীয়জন ব্যক্তি ৷ আজিৰ পৰা প্ৰায় এমাহ পূৰ্বে অনাটনত পৰি আত্মহত্যা কৰিছিল নিকুঞ্জ দাস নমাৰ লোকজনে ৷ সমান্তৰালকৈ লক ডাউনৰ মাজতে আত্মহত্যা কৰিছিল অন্য এজন গাড়ী চালকে ৷

লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ

উল্লেখ্য যে,লক ডাউনৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ব্যক্তিগত খণ্ডৰ পৰিবহন ব্যৱসায় ৷ বৰপেটাৰ প্ৰায় চাৰি শতাধিক লোকে বাছৰ চালক,পৰিচালক আৰু হেণ্ডিমেন হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ পূৰ্বে দিনৰ দিনটো যাত্ৰীবাহী বাছ চলাই পৰিয়াল পোহপাল দিয়া লোকসকল লক ডাউনৰ ফলত প্ৰায় কৰ্মহীন হৈ পৰিছে ৷ দুই এখন বাছ চলাচল কৰি আছে যদিও যাত্ৰীৰ অভাৱত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিবহন ব্যৱসায়ৰ লগত জৰিত লোকসকল ৷

যাৰ বাবে অভাৱৰ তাড়নাত পৰি এজন এজনকৈ এতিয়ালৈকে বৰপেটা চহৰৰে তিনিজনকৈ চালকে আত্মহত্যা কৰিবলগীয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে বাছ শ্ৰমিক সন্থাই ৷ মহামাৰী কৰ'ণা আৰু লক ডাউনৰ প্ৰভাৱত ভয়াৱহ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা বাছ শ্ৰমিক বা পৰিবহনৰ সৈতে জৰিত শ্ৰমিকসকলক সহায়ৰ হাত আগবঢ়াবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে বৰপেটা বাছ শ্ৰমিক সন্থাই ৷

Last Updated : Jul 18, 2020, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.