বৰপেটা, 10 জুন : বাক্সা জিলাৰ অন্তৰ্গত তথা বৰপেটাৰ হাউলীৰ সমীপৰ কাউৰপাৰা গাঁৱৰ এজন যুৱক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতে ইয়াৰ সমীপৱৰ্তী গাঁৱসমূহত আতংকৰ সৃষ্টি হৈছে ৷ গাঁৱখনৰ চাদ্দাম হুছেইন (20) নামৰ যুৱকজনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছ ৷
যুৱকজন এই মহামাৰীত আক্ৰান্ত হোৱাৰ পিচতে ইতিমধ্যে শালবাৰীৰ মহকুমা স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় গাঁৱখনত ৷ প্ৰশাসনে ইতিমধ্যে গাঁৱখনৰ সকলো লোকৰ ওলোৱা সোমোৱাত নিষেধাজ্ঞা জাৰি কৰি মুল প্ৰৱেশ পথসমুহ বন্ধ কৰি দিছে ৷
চাদ্দাম হুছেইন নামৰ যুৱকজন পশ্চিমবংগৰ মালডাৰ পৰা অহাৰ পিচত প্ৰথমতে ভৱানীপুৰ কলেজৰ কোৱাৰেন্টাইনত কেন্দ্ৰত আছিল ৷ তাৰপিচতে যুৱকজনক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু হোম কোৱাৰেন্টাইনত থকাৰ সময়ত যুৱকজনৰ শৰীৰত কোভিড মহামাৰীৰ ভাইৰাছ চিনাক্ত হয় ৷ ইয়াৰ পিচতেই কালি যুৱকজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ কোভিড ইউনিটত ভৰ্তি কৰা হৈছে ৷
ইপিনে হোম কোৱাৰেন্টাইনৰ সময়ত যুৱকজনে মুকলিকৈ ঘুৰা-ফুৰা কৰাৰ কথা পোহৰলৈ অহাৰ পিচতেই কাউৰপাৰা গাঁৱখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰি ছীল কৰি দিয়ে প্ৰশাসনে ৷ ইপিনে কোভিড-19ত আক্ৰান্ত যুৱকজনে নিজ গাঁৱৰ লগতে হাউলী চহৰ, পল্লাৰপাৰ বজাৰ আদিত মুকলিকৈ ঘুৰা-ফুৰা কৰাক লৈ বৰপেটা-বাক্সা সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে ৷ সেয়ে হোম কোৱাৰেন্টাইনত থকা লোকসকলক চৰকাৰী নিৰ্দেশনা পালন কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷
লগতে পঢ়কঃ এইসকল লোকক দেখিলে অনুভৱ হয় কোভিড-19 বুলি কোনো মহামাৰী নাই !