ETV Bharat / state

Bapeta Advocate Murder Case: অধিবক্তা ৰিনিমা বেগম হত্যাকাণ্ডৰ দুই অভিযুক্তক আদালতত হাজিৰ - বৰপেটা অধিবক্তা হত্যাকাণ্ড

ৰাজ্য জোঁকাৰি যোৱা বৰপেটাৰ অধিবক্তা হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (Bapeta advocate murder case)৷ হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত এই পৰ্যন্ত ছজনক আটক কৰিছে আৰক্ষীয়ে ৷ বুধবাৰে ইয়াৰে দুজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয় ৷

Bapeta Advocate Murder Case
অধিবক্তা ৰিনিমা বেগম হত্যাকাণ্ডৰ দুই অভিযুক্তক আদালতত হাজিৰ
author img

By

Published : Mar 23, 2022, 8:43 PM IST

বৰপেটা, ২৩ মাৰ্চ: অধিবক্তা ৰিনিমা বেগমৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত সোমবাৰে নিশাই ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ বুধবাৰে এই দুই অভিযুক্তক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় (Bapeta advocate murder case)৷

ইপিনে ৰিনিমা বেগমৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত ৰিণিমা বেগমৰ নিজ ককায়েকৰ পত্নীসহ চাৰি অভিযুক্তক সোধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে (Accused of Barpeta murder case)৷ ভেল্লাৰ বনবৰিয়া গাঁৱৰ পৰা ৰিণিমা বেগমৰ জ্যেষ্ঠ ভাতৃ হাৰুণ আলীৰ পত্নী মুনমুন বেগম, জাকিৰ আলী, তিৰা আলী আৰু বাপন আলীক আটক কৰিছে আৰক্ষীয়ে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱামতে ধৃত দুই অভিযুক্তক বুধবাৰে আদালতত হাজিৰ কৰোৱাই ১০ দিনৰ বাবে জিম্মাত বিচাৰিব আৰক্ষীয়ে ৷

উল্লেখ্য যে, ২১ মাৰ্চৰ সন্ধিয়া ৰিনিমা বেগম নামৰ যুৱতী অধিবক্তাগৰাকীক দুৰ্বৃত্তই ৰাজপথতে হানি-খুঁচি হত্যা কৰিছিল ৷ বৰপেটাৰ বিলৰটাৰী হাটীত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছে ৷ কোনো মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই অধিবক্তাগৰাকীক হত্যা কৰা বুলি জ্যেষ্ঠ ভগ্নীয়ে প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: Teacher accused of molestation: এশ টকাৰ বিনিময়ত ছাত্ৰীক বিবস্ত্ৰ হ’বলৈ ক’লে শিক্ষকে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.