জনীয়া,22 অক্টোবৰ: মঙলবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টি এন ডি বজাৰৰ সমীপত ভয়াৱহ পথ দুর্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে মহিলা গৰাকীৰ কন্যাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়। জানিব পৰা মহিলা গৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে AS-01BS-9300 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে কলগাছিয়াৰ পৰা বাংভাঙাৰ নিজ ঘৰলৈ গৈ আছিল ।
![ACCIDENT AT BARPETA'S JANIA, WOMAN DEAD](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4833511_1.jpg)
টি এন ডি বজাৰ পোৱাৰ লগে লগে পিছ ফালৰ পৰা AS-18-9527 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত জেচমিনা খাতুন নামৰ ৩৪ বছৰীয়া মহিলাগৰাকী ট্ৰাকৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু হয় যদিও মহিলা গৰাকীৰ কোলাত থকা ইলিজা খাতুন নামৰ ৫ বছৰীয়া কন্যা আৰু স্বামী ৰাহুল আমিন গুৰুতৰ ভাৱে আহত হয় । আহত কন্যাক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।