ETV Bharat / state

অযোধ্যাৰ প্ৰস্তাৱিত চিকিৎসালয়লৈ এমাহৰ দৰমহা আগবঢ়ালে সাংসদ আব্দুল খালেকে - মহামান্য উচ্চতম ন্যায়ালয়ে

অযোধ্যাত ধ্বন্নীপুৰ গাঁৱত চিকিৎসালয় নিৰ্মাণৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকে এমাহৰ মাহিলী দৰমহা আৰ্থিক অনুদান হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷

Abdul Khaleque donate one month salary ajyodha
অযোধ্যাৰ প্ৰস্তাৱিত চিকিৎসালয়লৈ এমাহৰ দৰমহা আগবঢ়ালে সাংসদ আব্দুল খালেকে
author img

By

Published : Sep 8, 2020, 7:21 PM IST

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ বহু বিবাদিত অযোধ্যা বিবাদ গোচৰ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ উপৰিও চুন্নী ৱাকফ বোৰ্ডকো মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি আবন্টন দিয়ে। এই ভূমিত বোৰ্ডে মছজিদ নিৰ্মাণৰ লগতে চিকিৎসালয়, পুথিভঁৰাল, কমিউনিটি কিটচেন গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । অযোধ্যাত ধ্বন্নীপুৰ গাঁৱত চিকিৎসালয় নিৰ্মাণৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকে এমাহৰ মাহিলী দৰমহা আৰ্থিক অনুদান হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সাংসদ গৰাকীয়ে ইতিমধ্যে লোৱা এই সিদ্ধান্তৰ বিষয়ে আজি ই টি ভিক আনুষ্ঠানিক ভাবে জনালে । এই সিদ্ধান্তটোক আগবঢ়াই নিবলৈ ইন্দো ইছলামিক কালছাৰেল ফাউণ্ডেচন নামৰ এটা ট্ৰাষ্ট গঠন কৰা হৈছে। ইতিমধ্যে সাংসদ এই সম্বন্ধে ট্ৰাষ্টৰ সচিব আটাউৰ হুছেইনৰ সৈতে আলোচনা কৰি জনায় যে, এই সুবৃহৎ প্ৰকল্পটোৰ বাবে আন কাৰ্য্যসূচী সমূহতো আৰ্থিক অনুদান আগবঢ়াবলৈ তেওঁ সাজু । লগতে তেওঁ জনায় যে, প্ৰকল্পটো নিৰ্মাণৰ বাবে অসমৰ আন আন ব্যক্তিয়েও আৰ্থিক অনুদান আগবঢ়াবলৈ ইচ্ছুক হৈছে।

উল্লেখযোগ্য যে ৯ নৱেম্বৰ, ২০১৯ত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে দেশৰ আটাইতকৈ পুৰণি গোচৰটোৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰে। এই ৰায়দানত লগতে উল্লেখ কৰিছে যে চৰকাৰে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আবন্টন অযোধ্যা এক্ট, ১৯৯৩ বা ৰাজ্য চৰকাৰে অযোধ্যাত সঠিক বুলি ভৱা স্থানত চুন্নী ৱাকফ বোৰ্ডকো মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ মাটি আবন্টন দিব লাগিব।

অযোধ্যাৰ প্ৰস্তাৱিত চিকিৎসালয়লৈ এমাহৰ দৰমহা আগবঢ়ালে সাংসদ আব্দুল খালেকে

লগতে পঢ়কঃ ব্য়তিক্ৰমী ৰূপত উদযাপন হ'ল সুধাকণ্ঠৰ জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.