ETV Bharat / state

বিজেপি আৰু নৰেন্দ্ৰ মোডীক ৰাইজে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব:আব্দুল খালেক

author img

By

Published : Feb 25, 2021, 3:36 PM IST

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰত সংকল্প পত্ৰ পাঠ কৰাই সাংসদ আব্দুল খালেকে । উক্ত শিবিৰত সাংসদ আব্দুল খালেকৰ কেইবাটাও বিস্ফোৰক মন্তব্য । অহা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটে ১০০ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে আব্দুল খালেকে ।

বিজেপি আৰু নৰেন্দ্ৰ মোডীক ৰাইজে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব:আব্দুল খালেক
বিজেপি আৰু নৰেন্দ্ৰ মোডীক ৰাইজে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব:আব্দুল খালেক

বৰপেটা,২৫ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত বুধবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ । এই শিবিৰত সংকল্প পাঠ কৰাই সাংসদ আব্দুল খালেকে । বুথ সংকল্প শিবিৰত চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদ, সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক ৰাজেন্দ্ৰ প্ৰসাদ শুক্লাৰ উপৰিও কেইবাগৰাকী কংগ্ৰেছৰ নেতা উপস্থিত থাকে । এই কাৰ্যসূচীত অংশ লৈ সাংসদ আব্দুল খালেকৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা । তেওঁৰ অভিযোগ বিজেপিয়ে কোনো ধৰণৰ উন্নয়নৰ কাম কৰিব নোৱাৰাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন জয়ী হ'ব বিচাৰিছে । অসমৰ ৰাইজে সাম্প্ৰদায়িকতাৰ ওপৰত বিশ্বাস নকৰে সেয়ে তেওঁ দাবী কৰে যে বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা লগতে বিজেপিয়ে যিমান চেষ্টা কৰিলেও অসমৰ ৰাইজে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিধৰণে মোগল, ঔৰংগজেৱৰ কথা কয় সাংসদ গৰাকীৰ মতে সেই মোগল-ঔৰংগজেৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকহে বুজায় ।

মিত্ৰজোঁটৰ প্ৰসংগত সাংসদ গৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচনৰ বাবে বৰপেটা জিলাত কংগ্ৰেছৰ দখলত থকা এখনো আসন এআইইউডিএফ দলক এৰি দিয়া নহ'ব । কেৱল ইমানে নহয় বিজেপি দলক প্ৰতাৰক আখ্যা কংগ্ৰেছ সাংসদ গৰাকীৰ । বিজেপি চৰকাৰে বহৰি সত্ৰ বা আন সত্ৰক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আব্দুল খালেকৰ । সাংসদ গৰাকীয়ে আশা কৰিছে যে এইবাৰ নিৰ্বাচনত দলটোৱে ১০০তকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক:বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেত: ৰাজ্যিক বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.