ETV Bharat / state

AAP training Camp in Barpeta: প্ৰতিখন পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আপে - AAP to fight in Assam Panchayat election

আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিখন গাঁও পঞ্চায়তত প্ৰাৰ্থী ঠিয় কৰাব আম আদমী পাৰ্টিয়ে (AAP to fight in Assam Panchayat election) ৷ পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হৈছে যোগদান শিবিৰৰ লগতে কৰ্মকৰ্তাৰ প্ৰশিক্ষণ শিবিৰ ৷

AAP training Camp in Barpeta
প্ৰতিখন পঞ্চায়তত প্ৰাৰ্থীত্ব প্ৰদান কৰিব আপে
author img

By

Published : Dec 4, 2022, 6:27 PM IST

বৰপেটা, ৪ ডিচেম্বৰ: সম্প্ৰতি দল সলনিৰ ধাৰাবাহিকতা অব্যাহত আছে অসমৰ ৰাজনীতিত । কিন্তু ইয়াৰ মাজতে, দেওবাৰে বৰপেটাত শতাধিক লোকে যোগদান কৰে আম আদমী পাৰ্টীত (Mass joining of AAP in Barpeta) ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য ৰাজনৈতিক দলৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ লগতে বৰপেটাতো দলীয় ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৰ সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ৷

আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিখন গাঁও পঞ্চায়তত প্ৰাৰ্থী ঠিয় কৰাব আম আদমী পাৰ্টি চমুকৈ আপে (AAP to fight in Assam Panchayat election ) ৷ পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হৈছে যোগদান শিবিৰৰ লগতে কৰ্মকৰ্তাৰ প্ৰশিক্ষণ শিবিৰ (Aam Aadmi Party ) ৷ মুলতঃ গাঁৱে গাঁৱে সাংগঠনিক ভেটি সবল কৰাৰ বাবে আপে গ্ৰহন কৰিছে বিশেষ ৰণ কৌশল ৷

প্ৰতিখন পঞ্চায়তত প্ৰাৰ্থীত্ব প্ৰদান কৰিব আপে

বিশেষকৈ প্ৰতিখন পঞ্চায়তত বুথ সমিতি গঠন,বিধানসভা সমষ্টি সমূহত শক্তি বৃদ্ধি,ৰাজহুৱা সমস্যাক লৈ ৰাইজৰ সৈতে আলাপ আদি বিষয় তথা দলীয় ৰণকৌশল অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেওবাৰে বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত এখন জিলাভিত্তিত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় (AAP Training camp at Barpeta) ৷

বৰপেটা জিলা আপৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহন কৰা এই প্ৰশিক্ষণ কৰ্মশালাত আপৰ ৰাজ্যিক সমন্বয়ক জিতুল ডেকা, গুৱাহাটী পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ মাছুমা বেগম, ৰাজ্যিক যুটীয়া সম্পাদক সঞ্জীৱ বৰ্মন, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মনছুৰ তালুকদাৰ, ৰাজ্যিক সহকাৰী সাংগঠনিক সম্পাদক হজৰত আলী আহমেদৰ লগতে আন কেইবাজনো নেতাই অংশগ্ৰহন কৰে ৷ এই যোগদান কাৰ্যসূচীত দলটোৰ বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷

লগতে পঢ়ক:Majuli Connecting Bridge : মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.