ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে সৰৱ আমছু

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত আমছুৰ অৱস্থান ধৰ্মঘট । দুৰ্নীতিত লিপ্ত হোৱা বৰপেটা অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক আৰু ৰোগীক অশালীন ব্যৱহাৰ কৰা অধীক্ষকৰ বিৰুদ্ধে চিকিৎসালয় চৌহদতে আমছুৱে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ।

AAmsu protest
বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে সৰব আমছু
author img

By

Published : Sep 21, 2021, 11:31 AM IST

জনীয়া,21 ছেপ্তেম্বৰ : ‘‘নিলম্বন কৰক বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ছামছুল আলম আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ জাকিৰ হুছেইনক ৷ ভগৱানৰ শাৰীত ৰখা একাংশ চিকিৎসকে ৰোগীক কৰে দুব্যৱহাৰ ৷ দাবী কৰা ধন নিদিলে চিকিৎসকে ৰোগীক কৰে ৰেফাৰ’’ ৷ এই অভিযোগ তুলিছে বৰপেটা জিলা আমছুৱে ৷

AAmsu protest
বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে সৰব আমছু

একাংশ চিকিৎসকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈছে বৰপেটা জিলা সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু ৷ সোমবাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীক চিকিৎসকে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে আমছুয়ে ৰূপায়ন কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদকাৰীৰ দাবী, শীৰ্ঘ্ৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডত চকু দিয়ক ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

অভিযোগ অনুসৰি, কচাইখানাত পৰিণত হৈছে কলগাছিয়াস্থিত বৰপেটা চিকিৎসালয় । চিকিৎসালয় খনৰ অধীক্ষক ডাঃ ছামছুল আলমৰ অদক্ষতাৰ সুযোগত গাইনোলজি আৰু অৰ্থ’পেডিক বিভাগৰ চিকিৎসকে বিয়াগোম দুৰ্নীতিত লিপ্ত হৈছে ৷ বিশেষকৈ প্ৰসুতি বিভাগৰ চিকিৎসক ডাঃ জাকিৰ হুছেইনৰ বিৰুদ্ধে প্ৰসূতি ৰোগীৰ প্ৰসৱৰ বেলিকা যধে মধে ধন দাবী কৰাৰ বিপৰীতে ৰোগীকে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

AAmsu protest
আমছু অৱস্থান ধৰ্মঘট

শেহতীয়াকৈ বিগত ১৬ তাৰিখে নিশা খাৰবাল্লী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ শ্ববিজা খাতুন নামৰ এগৰাকী ৰোগীক চিকিৎসক জনে বৰপেটা মেডিকেল লৈ ৰেফাৰ কৰাৰ লগতে চিকিৎসালয়ৰ পৰা যোৰকৈ বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ শ্ববিজা খাতুনক চিকিৎসালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ প্ৰায় দহ মিনিট পিছতে তেওঁ এডাল গছৰ তলত এটি সুস্থ নৱজাতকক জন্ম দিয়ে । এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হৈছিল ৷

লগতে পঢ়ক: মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ স্থানান্তৰ গঁড়ৰ খৰ্গ

কিন্তু ইয়াৰ পিছতো উৰ্ধতম কৰ্তৃপক্ষই চিকিৎসক জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷ ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে আমছু ৷ দোষীক শাস্তি প্ৰদানৰ দাবীত সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কলগাছিয়া জিলা সমিতিয়ে বৰপেটা মেডিকেলৰ চৌহদতে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

প্ৰতিবাদকাৰী সকলে ডাঃ জাকিৰ হুছেইন আৰু ৰোগীক অশালীন আচৰণ কৰা অধীক্ষক ডাঃ ছামছুল আলমক নিলম্বনৰ দাবী উত্থাপন কৰে । ডাঃ জাকিৰ হুছেইন মুৰ্দাবাদ, অধীক্ষক ছামছুল আলম মুৰ্দাবাদ আদি শ্ল’গানেৰে বৰপেটাৰ মেডিকেল চৌহদ উত্তাল কৰি তোলে । আনহাতে, দাবী পূৰণ নহ’লে অনাগত দিনত জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সোণৰ পদক অৰ্জন মৰাণৰ নিবিড়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.