ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : May 12, 2022, 9:56 PM IST

কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট(AAMSU against price hike) । যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ বিভাগটো চম্ভালিব নোৱাৰাৰ অভিযোগ তুলি শীঘ্ৰেই পদত্যাগ কৰিব লাগে বুলি মন্তব্য প্ৰতিবাদকাৰী আমছু নেতাৰ(AAMSU demands resignation of supply minister Ranjit Kumar Das) ।

aamsu protest agaainst price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

কলগাছিয়া,১২ মে': নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ জনতাক । মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু (AAMSU against price hike)। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে ।

উল্লেখ্য যে, বৰ্তমান সময়ত পেট্ৰল-ডিজেল, ঔষধ ,মিঠাতেল, ৰন্ধন গেছকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ একপ্ৰকাৰ জুৰুলা হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত আমছুয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী ছাত্ৰ নেতাসকলে অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুর্দাবাদ, যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস হায় হায়, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক ইত্যাদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ইফালে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰলৈ ৭ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । প্ৰতিবাদকাৰীসকলে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰিছে (AAMSU demands resignation of supply minister Ranjit Kumar Das) ।

লগতে পঢ়ক: খিলঞ্জীয়া মুছলমানক শংকিত হ’ব দিয়া নহ’ব : জয়ন্তমল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.