ETV Bharat / state

কলগাছিয়াত আমছু নেতাৰ আক্ৰমণত আহত এটা পৰিয়ালৰ তিনি সদস্য - কলগাছিয়াত আমছু নেতাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ

কলগাছিয়াত আমছু নেতাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । সাধাৰণ কথাৰ বাবেই এটা পৰিয়ালক আক্ৰমণ কৰিলে আমছু নেতা আৰু তেওঁৰ দুই ভাতৃয়ে (AAMSU leader attacks a family in Kalgachia)। মহিলাকো আক্ৰমণ কৰাৰ অভিযোগ । এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

কলগাছিয়াত আমছু নেতাৰ আক্ৰমণত আহত এটা পৰিয়ালৰ তিনি সদস্য

author img

By

Published : Jun 29, 2022, 2:13 PM IST

কলগাছিয়া, ২৯ জুন : বৰপেটা জিলাৰ কলগাছিয়াত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Kalgachia)। এটা পৰিয়ালক আক্ৰমণ তিনি ভাতৃৰ । গুৰুতৰভাৱে আহত পৰিয়ালটোৰ তিনিজনকৈ লোক । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ।

উল্লেখ্য যে ভুক্তভোগী পৰিয়ালটোৰ ঘৰৰ সমীপৰ বিদ্যুতৰ ট্রেন্সফৰ্মাটো বিকল হোৱাত ইউচুফ আলী নামৰ এগৰাকী লোকৰ ঘৰৰ ওচৰৰ ট্রেন্সফৰ্মাৰ পৰা বিদ্যুৎ সংযোগ দিব বিচাৰিছিল । কিন্তু ইউচুফ আলী নামৰ ছাত্ৰ নেতাজনে এই কামত বাধা প্ৰদান কৰে । যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে তেওঁলোকৰ মাটিত থকা এট পথ বন্ধ কৰি দিছিল যিটো পথেৰে আমছু নেতাগৰাকীয়ে অহা যোৱা কৰিছিল । ইয়াৰ পাছতে দুয়োটা পৰিয়ালৰ মাজত সংঘাত আৰম্ভ হয় ।

কলগাছিয়াত আমছু নেতাৰ আক্ৰমণত আহত এটা পৰিয়ালৰ তিনি সদস্য

পৰৱৰ্তী সময়ত ঘটনাটো মীমাংসাৰ বাবে নিশা এখন ৰাইজ মেল বহিছিল । উক্ত ৰাইজমেলতেই আমছু নেতাৰ বাহুবল প্ৰয়োগ কৰি পৰিকল্পিতভাৱে নিৰীহ পৰিয়ালটোক আক্ৰমণ কৰে (AAMSU leader attacks)। য'ত তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

আমছু নেতা ইউচুফ আলী আৰু তেওঁৰ দুই ভাতৃ বিনা আলী আৰু ৰমজান আলীয়ে পৰিয়াটোক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Allegations raised against AAMSU leader)। এগৰাকী মহিলাকো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । ইয়াৰ পাছতে ভুক্তভোগী পৰিয়ালটোৱে বালিকুৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । কিন্তু আৰক্ষীৰ ভূমিকা সন্তোষজনক নোহোৱাত পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ ।

এতিয়া প্ৰশ্ন হয় ছাত্ৰ সংগঠনৰ এজন নেতাই নিশা ৰাইজমেলত সামান্য এটা বিষয় লৈ এই নিৰীহ পৰিয়ালটোক আক্ৰমণ কৰাটো যুক্তিসংগত হৈছে নে ? আৰক্ষীয়ে পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালটোক ন্যায় দিব পাৰিব নে ? সেয়া সময়েহে ক'ব ?

লগতে পঢ়ক :কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.