ETV Bharat / state

বৰপেটাত মেঘালয়ৰ পৰা কঢ়িয়াই অনা কাঠ ভৰ্তি ট্ৰাক জব্দ - বন বিভাগ

কেইবা লক্ষাধিক টকাৰ কাঠসহ জব্দ ট্ৰাক ৷ মেঘালয়ৰ পৰা AS-01-LC-9716 নম্বৰ এখন ট্ৰাকেৰে ভৱানীপুৰলৈ অহা ট্ৰাকখন ৰাইজে গতালে ৱানীপুৰ আৰক্ষীক ৷

বৰপেটাত মেঘালয়ৰ পৰা কঢ়িয়াই অনা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Oct 17, 2021, 8:50 PM IST

বৰপেটাৰোড, 17 অক্টোবৰ : বৰপেটাত এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগে ৷ বৰপেটাৰ কয়াকুছিৰ ব্যৱসায়ী আবু হানিফাই মেঘালয়ৰ পৰা AS-01-LC-9716 নম্বৰ এখন ট্ৰাকেৰে মূল্যৱান কাঠ কঢ়িয়াই লৈ আহি আছিল ভৱানীপুৰ দিশে ৷ ইপিনে কাঠ ভৰ্তি উক্ত ট্ৰাকখন শনিবাৰে নিশা ভৱানীপুৰ আহি পোৱাৰ পাছতে স্থানীয় ৰাইজে কাঠ ভৰ্তি উক্ত ট্ৰাকখন জব্দ কৰি ভৱানীপুৰ আৰক্ষীক গতাই দিয়ে ৷ একেদৰে দেওবাৰে ভৱানীপুৰ আৰক্ষীয়ে জব্দ কৰা কাঠ ভৰ্তি উক্ত ট্ৰাকখন বন বিভাগক চমজাই দিয়ে ৷

বৰপেটাত মেঘালয়ৰ পৰা কঢ়িয়াই অনা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ

তাৰপাছতেই বৰপেটাৰোডৰ ৰেঞ্জ কাৰ্যালয়ত উক্ত কাঠৰ গাড়ীখন আনলোড কৰে বন বিভাগ ৷ মেঘালয়ৰ পৰা কঢ়িয়াই আনা কাঠৰ উক্ত ট্ৰাকখনত যিমান টিপি দেখাইছে তাতকৈ অধিক পৰিমাণৰ কাঠ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে বৰপেটাৰোডৰ ৰেঞ্জাৰ গৌতম মহন্তই ৷ সেয়ে টিপিত উল্লেখ থকাতকৈ যদি উক্ত ট্ৰাকখনত অধিক কাঠ থাকে তেন্তে বিভাগীয়ভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰেঞ্জাৰ গৌতম মহন্তই জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, ৰেঞ্জাৰ গৌতম মহন্তই উক্ত ট্ৰাকখনত তিনি লক্ষাধিক টকাৰ কাঠ আছে বুলি উল্লেখ কৰাৰ বিপৰীতে ব্যৱসায়ী আবু হানিফাৰ ভাতৃয়ে এক লক্ষাধিক টকাৰ কাঠ থকা বুলি উল্লেখ কৰিছে ৷ ইপিনে প্ৰকৃততে উক্ত ট্ৰাকখনত দহৰ পৰা বাৰ লক্ষাধিক টকাৰ কাঠ থকা বুলি ধাৰণা কৰা হৈছে ৷ আনহাতে কাঠ ব্যৱসায়ী আবু হানিফাৰ ভাতৃয়ে জানিবলৈ দিয়া মতে আবু হানিফাই মেঘালয়ৰ পৰা দীৰ্ঘদিনৰে পৰাই কাঠ আনি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷

লগতে পঢ়কঃ কাতি বিহুৰ পালনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.