পাঠশালা, 19 অক্টোবৰ: এগৰাকী প্ৰচাৰবিমুখ ব্যতিক্ৰমী শিল্পী ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ সমলেও ৷ যাৰ শিল্পীসুলভতা আৰু কৰ্মৰাজিয়ে মুগ্ধ কৰিব সকলোকে ৷ তেওঁৰ হাতৰ পৰশত এক ব্যতিক্ৰমী ৰূপেৰে উদ্ভাষিত হৈছে বজালীৰ কৰদৈগুড়ি উচ্চতম মাধ্যমিক বিদ্যালয়ত থকা এজোপা গছে ৷
বজালীৰ এগৰাকী স্থানীয় শিল্লী খনিন উজীৰে বিদ্যালয় চৌহদত থকা ঔষধী অৰ্জুন গছ জোপাক হাতুৰি-বটালিৰ সহায়ত আকাৰ দিছে ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ নৰসিংহ হিচাপে ৷ পেছাত তেওঁ এগৰাকী চৰকাৰী শিক্ষক যদিও, তেওঁৰ পৰিচয় এগৰাকী নিপুন শিল্পী হিচাপেও ৷ যিয়ে নিজে পৰিধান কৰা ছাৰ্টৰ বুটামটোও বনাই লৈছে নিজা উদ্ভৱনী চিন্তাৰে ৷ তেওঁৰ ঘৰৰ বেৰত উলমি ৰৈছে নিজ হাতেৰে সাজি লোৱা বাঁহেৰে নিৰ্মিত ঘড়ী, কাগজৰ ডাইনোছৰ ইত্যাদি ৷ আনাহাতে স্থানীয় নামঘৰতো ভাগৱত শোভাযাত্ৰা কৰা বাহনো সাজি উলিয়াইছে তেওঁ ৷ লগতে সেই অঞ্চলত থকা বহু ভাস্কৰ্য মূৰ্তিয়ে বহন কৰিছে তেওঁৰ কৰ্মৰ স্বাক্ষৰ ৷ মুঠতে নিপুন কলাৰ অধিকাৰী শিল্পী খনিন উজীৰৰ কৰ্মৰাজিয়ে বাৰুকৈয়ে আপ্লুত কৰিব বহুতকে ৷
লগতে পঢ়ক: বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ