ETV Bharat / state

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন - ভয়ংকৰ পথ দুৰ্ঘটনা

দেওবাৰে সৰভোগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ঘটনাৰ বিৱৰণ অনুসৰি AS-01-ED-8160 নম্বৰৰ এখন চাৰিচুকীয়া বাহনৰ খুন্দাত এজন চাইকেল আৰোহী থিতাতে নিহত হয় বুলি জানিবলৈ দিছে ৷

a-serious-road-accident-in-sarbhug-one-person-death-in-the-accident
সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন
author img

By

Published : Jan 3, 2021, 7:06 PM IST

বৰপেটাৰোড 3 জানুৱাৰী : বৰপেটা জিলাৰ সৰভোগৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছমৎ দ্বাৰিকাত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী থিতাতে নিহত হয় । দুৰ্ঘটনাত নিহত চাইকেল আৰোহী জনৰ নাম পাতিলাদহাৰ অঞ্চলক প্ৰাণ নাথ কৰ্মকাৰ বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

ঘটনাৰ বিৱৰণ অনুসৰি প্ৰাণ নাথ কৰ্মকাৰে দেওবাৰে সৰভোগ অভিমুখে আহি থকাৰ সময়তে পিছপিনৰ পৰা আহি থকা AS-01-ED-8160 নম্বৰৰ এখন চাৰিচুকীয়া বাহনে খুন্দা মাৰে ৷ ফলত গুৰুত্বভাৱে আহত প্ৰাণ নাথ কৰ্মকাৰক সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে দূৰ্ঘটনা সংঘটিত কৰা বহন খনৰ নম্বৰ প্লেটত Government of India. Ministry of Finance CGST Guwahati লিখা আছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.