জনিয়া, 16 আগষ্ট : "মিঞা বিবি ৰাজি ত্যোহ্ ক্যা কৰেগা কাজী ?'' এই বাক্যশাৰীকে মূলমন্ত্ৰ হিচাপে লৈ প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জীৱন পাৰ কৰিছে কলগাছিয়াৰ টাপাজুলি গাঁৱৰ তাৰা মিঞাই ৷ ৰোমান্টিক স্বভাৱৰ তাৰা মিঞাৰ প্ৰেমৰ দীঘলীয়া আৰু তীব্ৰ ঘাত-প্ৰতিঘাতপূৰ্ণ ইতিহাসে বেছ আমোদ দিব আপোনাক ৷
নিজৰ প্ৰথমা পত্নীৰ মৃত্যু হোৱাৰ পিছত প্ৰেমৰ সন্ধানত পৰা তাৰাই স্বাভাৱিকতেই দ্বিতীয় বিৱাহ কৰিছিল ৷ বয়সৰ ফালৰ পৰা চফল ডেকা তাৰা মিঞাৰ এই দ্বিতীয় বিৱাহত নাছিল আচৰিত হ’ব লগীয়া কোনো কথা ৷
পিছে প্ৰেমত পৰিলে অৱসৰ ল’ব নজনা তাৰা মিঞাৰ প্ৰেমৰ সন্ধান সিমানতে সমাপ্ত হোৱা নাছিল ৷ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ চলি থাকিলেও শেহতীয়াকৈ বিহাৰৰ গোৰখপুৰৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাত পুনৰ বিৱাহপাশত আৱদ্ধ হয় তাৰা ৷ পিছে, নিজৰ নতুন ভাৰ্যাক লগত লৈ অসমলৈ আহি ফাণ্ডত পৰিল তাৰা মিঞা ৷ এফালে, পূৰ্বৰ পত্নীৰ সৈতে থকা সংসাৰ আনফালে, নতুন পত্নীৰ ধৰ্মই বিপদত পেলালে তাৰা মিঞাক ৷
এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোক তাৰা মিঞাই সুদুৰ বিহাৰৰ পৰা এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰাই লৈ অনা কথাটো সহজে ল’ব পৰা নাছিল গাঁওবাসীয়ে ৷ এই বিয়াত অসন্তুষ্ট হৈ গাঁওৰক্ষী বাহিনীয়ে দুয়োকে গতাই দিলে কলগাছিয়াৰ বালিকুৰি আৰক্ষী চকীৰ আৰক্ষীক ৷ পিছে প্ৰেমে জানো বাধা-নিষেধ মানে ? স্বাভাবিকতেই ধৰ্মৰ পৰিধিও নামানিলে প্ৰেমিক যুগলটোৱে ৷
সংবাদ মাধ্যমৰ আগত তাৰা মিঞাৰ চিধা কথা, এই বিবাহত দুয়োৰে সন্মতি আছে মাথো শতৰু জ্বলি পুৰি মৰিছে ৷ ইফালে, গাঁওৰক্ষী বাহিনী আৰু গাঁৱৰ ৰাইজে এই বিৱাহক দিয়া নাই ন্যায্যতা ৷ বিহাৰৰ যুৱতী গৰাকীক প্ৰেমৰ জালত পেলাই ইতিমধ্যে বিবাহিত তাৰা মিঞাই অসমলৈ আনিছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই ঘটনাই এতিয়া বেছ চৰ্চা লাভ কৰিছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক : লাডাখলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ অঞ্জলীৰ