বৰপেটা, 19 জুন : বৰপেটা জিলাত কম দিনৰ ভিতৰতে নিৰ্মাণ হ'ব এখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ ৷ এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷ উল্লেখ্য যে, এই বিষয়ত শনিবাৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালৰ লগতে আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সৈতে এক আলোচনাত মিলিত হয় ৷
এই উপলক্ষে বৰপেটা জিলাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত উক্ত সভাৰ পাচতে সাংবাদিকক সম্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷ তেওঁ কয়, বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷ বৰপেটা জিলাত অত্যাধুনিক এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰিবলৈ পদক্ষেপ লোৱা হৈছে ৷ এইক্ষেত্ৰত বৰপেটাবাসীৰ সহায় সহযোগিতাৰ লগতে বৰপেটা জিলাৰ প্ৰশাসনৰ ফালৰ সহযোগিতাৰ বিচাৰি আজি এই সভা অনুষ্ঠিত হয় বুলি কয় ক্ৰিকেট সন্থাৰ সভাপতি গৰাকীয়ে ৷
"বৰপেটা জিলাত এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰা যি সিদ্ধান্ত সেয়া বহু পুৰণি ৷ কিন্তু খেলপথাৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ অভাৱৰ বাবে এই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাছিল ৷ বৰ্তমান খেলপথাৰ নিৰ্মাণৰ বাবে মাটি পোৱা গৈছে আৰু অতি সোনকালে খেলপথাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব" ৷ এইদৰে কয় ৰমেন দত্তই ৷
ইফালে, ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃগাঁথনিৰ অভাৱৰ কথা ব্যক্ত কৰে সন্থাৰ সভাপতি ৰমেন দত্তই ৷ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনৰ আন্তঃগাঁথনি এতিয়াও সবল নহয় ৷ খেলপথাৰৰ অভাৱৰ লগতে বিভিন্ন দিশত এতিয়া বহু সমস্যা আছে বুলি সাংবাদিকৰ আগত কয় ৰমেন দত্তই ৷
তদুপৰি অসমৰ বিভিন্ন ঠাইত 12 খনকৈ ক্ৰিকেট খেলপথাৰৰ নিৰ্মাণ কাৰ্য চলি থকা কথাক জানিবলৈ দিয়ে সন্থাৰ সভাপতি গৰাকীয়ে ৷ ইতিমধ্যে এই খেলপথাৰ সমূহৰ নিৰ্মাণ কাৰ্য 60 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ লগতে কেইবাখনো জিলাৰ খেলপথাৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে যদিও মাটি অভাৱৰ বাবে সেই পৰিকল্পনা কাৰ্যকৰী হৈ উঠা নাই ৷ গতিকে উপযুক্ত মাটি যোগাৰ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷
লগতে পঢ়ক: জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ